About

আপুনি যদি জীৱনটোক এক নতুন দৃষ্টিকোণেৰে চাবলৈ বিচাৰিছে, জীৱনৰ এক নতুন অৰ্থৰ সন্ধান কৰিব বিচাৰিছে তেন্তে আপুনি নিচিন্ত থাকক আপুনি সঠিক স্থানলৈ আহিছে। মৃত্যুৰ পিছত কলৈ যাম আমি কোনেও নাজানোঁ‌ কিন্তু আমাৰ নিজৰ জীৱনটো মহিমামণ্ডিত কৰিব পাৰোঁ‌। সুখ আৰু বৈভৱৰ পৰা আত্মোপলব্ধিৰ চৰম প্ৰাপ্তিলৈ জীৱনটো হব পাৰে এক বিশেষ উন্মেষণ।তাৰ বাবে আমাৰ পথটো আমি ভৱা ধৰণে নহবও পাৰে। কিন্তু পৰিস্থিতি যিয়েই নহওঁ‌ক আমি প্ৰতিটো মুহূৰ্তই সচেতনভাৱে আমাৰ এক উল্লেখযোগ্য মুহূৰ্ত বনাব পাৰোঁ‌। তাৰ বাবে সেই মুহূৰ্তবোৰৰ সফলতাদায়ক হোৱাৰ প্ৰয়োজন নাই, আছে মাথোঁ এই মুহূৰ্তবোৰৰ প্ৰতি এক যোগাত্মক আৰু আশাবাদী দৃষ্টিভংগী। আহকচোক জীৱন অলপ বিচৰা ধৰণে বনাব চেষ্টা কৰোঁ।