অন্ত্ৰৰ অনুজীৱবোৰে (gut microbiome) কিদৰে আমাৰ সুস্বাস্থ্য নিৰ্ধাৰণ কৰে



অবিশ্বাস্য যেন লাগিলেও সত্য যে আমাৰ স্বাস্থ্য আমাৰ ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদান্ত্ৰৰ ভিতৰত থকা ক্ষুদ্ৰাতিক্ষুদ্ৰ অনুজীৱবোৰৰ উপৰত নিৰ্ভৰশীল। তাৰ কাৰণ হৈছে অন্ত্ৰত থকা অনুজীৱবোৰে এনেকুৱা এক প্ৰটিনৰ সৃষ্টি কৰে যিয়ে অন্ত্ৰৰ ভিতৰত পাতল চামনিখন সুৰক্ষিত কৰি ৰখাত সহায় কৰে। এই চামনিখনৰ অৱক্ষয় হলে অকল পাচন ক্ৰিয়াতে বেমেজালি সৃষ্টি হয় এনেকুৱা নহয় ই অন্য বহুতো ৰোগ সৃষ্টিৰো মূল কাৰণ হৈ দেখা দিয়ে। এই অনুজীৱবোৰক উপযোগী অনুজীৱ আখ্যা দিয়া হয়। তাৰ কাৰণ হৈছে আমি এই অনুজীৱবোৰৰ লগত এনেকুৱা এক সুন্দৰ সম্বন্ধ তৈয়াৰ কৰি লওঁ য’ত আমি পৰস্পৰে ইজনৰ উপৰত সিজন নিৰ্ভৰশীল হৈ পৰোঁ‌। অন্ত্ৰৰ ভিতৰত থকা অনুজীৱবোৰ কিছুমান বেক্টেৰিয়া, ভাইৰাছ, ইষ্টৰ সমষ্টি। আপুনি জানিলে আচৰিত হব যে আমাৰ অন্ত্ৰৰ ভিতৰত প্ৰায় ১০০ ট্ৰিলিয়ন অনুজীৱই বাস কৰে।

অন্ত্ৰৰ অনুজীৱবোৰৰ খেলিমেলিয়ে স্বপ্ৰতিৰোধী ৰোগ সৃষ্টি কৰিব পাৰেঃ

এই অনুজীৱ বোৰৰ বেছি ভাগেই আমাৰ স্বাৰ্থত কাম কৰি আছে যদিও কিছু সংখ্যক অপকাৰী অনুজীৱও বাস কৰে। এই অপকাৰী বা অলাগতিয়াল অনুজীৱবোৰৰ সংখ্যা যেতিয়া বৃদ্ধি পাই তেতিয়াই বিভিন্ন সমস্যাৰ সৃষ্টি হয়। ই অম্লপিত্ত , বদহজম, অগ্নিমান্দ্য, কোষ্ঠবদ্ধতা, গ্ৰহণী আদি বিভিন্ন ৰোগ সৃষ্টিত মূল ভূমিকা পালন কৰে। তাতোকৈ ডাঙৰ কথা এই ক্ষুদ্ৰ অপকাৰী অনুজীৱবোৰে অন্ত্ৰৰ ভিতৰত থকা পাতল চামনিখনৰ ক্ষতি কৰা আৰম্ভ কৰে। এই পাতল চামনি খনৰ কাম হল পাচন হোৱা খাদ্য বস্তুৰ যিখিনি প্ৰয়োজনীয় তত্ত্ব আছে সেইখিনি গ্ৰহণ কৰা আৰু অপ্ৰয়োজনীয় আৰু বিষাক্ত দ্ৰব্যখিনি মলদ্বাৰেৰে বাহিৰ কৰি দিয়া। কিন্তু পাতল চামনিখন ক্ষতিগ্ৰস্ত হোৱাৰ ফলত কিছুমান অপ্ৰয়োজনীয় আৰু বিষাক্ত দ্ৰব্যও আমাৰ শৰীৰত প্ৰৱেশ ঘটে। ই শৰীৰৰ ৰোগ প্ৰতিৰোধী প্ৰণালীত  আঘাত হানে। ফলত এলাৰ্জি, এজমা, আমবাতকে ধৰি বিভিন্ন স্বপ্ৰতিৰোধী ৰোগৰ উদ্ভৱ হয়।

শিশুৰ জন্মৰ প্ৰথম এবছৰ বিভিন্ন ঔষধ বিশেষকৈ এণ্টিবায়টিক খুৱাওঁতে কিয় সাৱধান হোৱা উচিতঃ

তাৰ কাৰণ হৈছে  জন্মৰ প্ৰথম বছৰতে এই সহায়ক অনুজীৱবোৰ ক্ষতি হ’লে পিছলৈ ই এজ্মা, মধুমেহ, বিভিন্ন স্বপ্ৰতিৰোধ ৰোগ আদি সৃষ্টিত অৰিহণা যোগাব পাৰে। আনহাতে জন্মৰ প্ৰথম বছৰত এই অনুজীৱবোৰে মগজুৰ উৎকৰ্ষ সাধনতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়ে মানুহৰ বাবে জন্মৰ প্ৰথম কিছু বছৰ অতি গুৰুত্বপূৰ্ণ কাৰণ সেইখিনি সময়তে শিশুটোৰ ভৱিষ্যত ভালেখিনি নিৰ্ভৰ হৈ পৰে।

অন্ত্ৰৰ অনুজীৱৰ খেলিমেলিয়ে অন্য কি সমস্যাৰ সৃষ্টি কৰেঃ

অন্ত্ৰৰ ভিতৰত থকা অনুজীৱবোৰ ক্ষতিগ্ৰস্ত হলে ই অকল স্বপ্ৰতিৰোধী ৰোগেই নহয়, তাৰ উপৰিও অন্য কিছুমান জটিল ৰোগ হোৱাৰো সম্ভাৱনা বঢ়াই তোলে। এই ৰোগবোৰৰ ভিতৰত বিভিন্ন শাৰীৰিক সমস্যাৰ উপৰিও উদ্বিগতা, হতাশা, বদমেজাজ, উন্মত্ততা আদি অতি জটিল মানসিক সমস্যাও ওক দিয়ে। শাৰীৰিক দুৰ্বলতাৰ কোনো লক্ষণ নথকা স্বতেও আমি অনবৰত যদি অস্থিৰ অনুভৱ কৰি থাকো ই আমাৰ অন্ত্ৰৰ উপযোগী অনুজীৱবোৰ লোপ পোৱা বাবে হব পাৰে। আপুনি জানিলে আচৰিত হব যে অন্ত্ৰৰ এই অনুজীৱবোৰে গাবা, ড’পামিন, নৰইপিনেফ্ৰাইন, ছেৰ’টনিন আদি প্ৰায় ৩০ বিধ নিউৰ’ট্ৰিনছ্মিটাৰ (Neurotransmitter) নিৰ্মাণ আৰু সঞ্চিত কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই নিউৰট্ৰেনছ্মিটাৰ সমূহ হ’ল স্নায়ুকোষৰ সংকেত বহন কৰা ৰসায়ন যিয়ে দেহ আৰু মনৰ ভিতৰত সংঘটিত হোৱা অনেক কাৰ্য্যপ্ৰণালীক নিয়ন্ত্ৰিত কৰে। তাৰ ভিতৰত অন্যতম ছেৰ’টনিনৰ প্ৰায় ৯০% অন্ত্ৰৰ ভিতৰত সৃষ্টি হয়। এইবিধ ৰসায়নৰ প্ৰভাৱত আমি সুখ অনুভৱ কৰোঁ। ই সুনিদ্ৰাত সহায় কৰে। ই মনযোগ আৰু কৰ্মকুশলতাও বৃদ্ধি কৰে। এইবিধ ৰসায়নৰ অভাৱত আমি হতাশাত নিমজ্জিত হওঁ। সেয়ে আপোনাৰ যদি এনেকুৱা লক্ষণ ফুটি উঠিছে ই অন্ত্ৰত অৱস্থিত এই উপকাৰী অনুজীৱবোৰৰ অভাৱৰ বাবেও হব পাৰে। এই উপকাৰী অনুজীৱবোৰৰ অভাৱৰ মূল কাৰণ হৈছে হৈছে আমাৰ অস্বাস্থ্যকৰ জীৱনপদ্ধতি। কিন্তু সুখৰ কথা অন্ত্ৰৰ ভিতৰত সৃষ্টি হোৱা এই অস্বাস্থ্যকৰ পৰিৱেশ সলনি কৰা সম্ভৱপৰ।

অন্ত্ৰৰ অনুজীৱবোৰ (gut microbiome)কিদৰে ঠিক কৰিবঃ

  • উপৱাসঃ আমাৰ মগজুটোক যিদৰে টোপনিয়ে বিশ্ৰাম প্ৰদান কৰে ঠিক তেনেদৰে উপৱাসে সম্পূৰ্ণ পাচন তন্ত্ৰটোক বিশ্ৰাম প্ৰদান কৰে। ফলত অপকাৰী অনুজীৱবোৰ ধ্বংস হবলৈ আৰম্ভ হয় কিন্তু সহায়কাৰী অনুজীৱবোৰ ঠিকেই থাকে। উপৱাস কৰাৰ লগে লগে বুটাইৰিক এচিদৰ(Butyric acid) স্তৰ বাঢ়ি আহে যিয়ে অন্ত্ৰৰ পাতল চামনিখন ঠিক কৰে। এইক্ষত্ৰত সবিৰাম উপৱাস খূৱেই জনপ্ৰিয় পদ্ধতি।
  • আঁ‌হ জাতীয় খাদ্য (fiber diet): তাৰ বাবে আপুনি সম্পূৰ্ণ খাদ্য গ্ৰহণ কৰা উচিত যত সেউজীয়া শাক পাচলিৰ পৰা আদি কৰি চালাড, দালি, প্ৰাকৃতিক প্ৰটিন আৰু শৰ্কৰাৰ পৰিমাণ সন্তুলিত মাত্ৰাত থাকে। ই উপকাৰী অনুজীৱবোৰ বৰ্ধন কৰে আৰু অপকাৰী অনুজীৱবোৰক নাশ কৰে।
  • ফাৰ্মেন্টেদ খাদ্য এই অনুজীৱবোৰৰ বাবে উৎকৃষ্ট। উদাহৰণ স্বৰূপে আমাৰ অসমীয়াৰ প্ৰিয় পঁ‌ইতা ভাত। আমি সততে অৱহেলা কৰি অহা পঁ‌ইতা ভাতৰ যে ইমান গুণাগুণ আছে ভাৱিলে আচৰিত লাগে। অন্য কিছু উৎকৃষ্ট উদাহৰণ হ’ল টেকেলি পিঠা, চুঙা পিঠা, ধোকলা,পনীৰ, ব্ৰেদ, লচী, নান ইত্যাদি।
  • খাদ্য পৰিপূৰক যেনে অমেগা ৩ ফেটিএচিদ, এল-গ্লুটামাইন, লেক্টোবেচিলাছ আদিয়ে য়ে অন্ত্ৰৰ মাধ্যম ক্ষাৰকীয় কৰে যিয়ে অন্ত্ৰৰ পাতল চামনিখন ৰক্ষা কৰে। আয়ুৰ্বেদ শাস্ত্ৰত অন্ত্ৰৰ স্বাস্থ্যৰ বাবে হালধি, ত্ৰিকটু,ত্ৰিফলা, যষ্টিমধু, আমলখি, ইচৱগ’ল আদিৰ বৰ্ণনা আছে। থোৰতে কব লাগিলে অন্ত্ৰৰ স্বাস্থ্য বহু পৰিমাণে নিৰ্ভৰ কৰে এই উপযোগী অনুজীৱবোৰৰ উপৰত। এই অনুজীৱবোৰ ধ্বংস প্ৰাপ্ত হ’লে অন্ত্ৰৰ পাতল চামনিখনৰ ক্ষতি হয়। ফলত পেটৰ বিভিন্ন গণ্ডগোল হোৱাৰ উপৰিও স্বপ্ৰতিৰোধী ৰোগকে ধৰি বিভিন্ন শাৰীৰিক জটিল ৰোগ আৰু উদ্বিগ্নতা, বিষণ্ণতা, উন্মত্ততা আদি জটিল পৰ্যায়ৰ মানসিক ৰোগ প্ৰশস্ত হোৱাৰ পথ মুকলি হয়। সেয়ে আমি সৰ্বতোপ্ৰকাৰে এই উপযোগী অনুজীৱবোৰক ৰক্ষা কৰা উচিত। তেতিয়াহে অন্ত্ৰ সুৰক্ষিত থাকিব আৰু আমাৰ সুস্বাস্থ্য বৰ্তি থাকিব।
  • খাদ্যত প্ৰিবায়টিক আৰু প্ৰবায়টিক খাদ্যৰ মাত্ৰা বঢ়াই দিব লাগে। প্ৰিবায়টিক খাদ্য হৈছে এনেকুৱা কিছুমান খাদ্য যিয়ে এই উপকাৰী অনুজীৱবোৰ বৃদ্ধি কৰাৰ বাবে উপযুক্ত বাতাৱৰণ তৈয়াৰ কৰে আৰু প্ৰবায়টিক খাদ্যবোৰত এই অনুজীৱবোৰ ইতিমধ্যে মজুত থাকে যাৰ ফলত ই লগে লগে উপলব্ধ হয়।   প্ৰিবায়টিক খাদ্যৰ কিছুমান উৎকৃষ্ট উদাহৰণ হ’ল পিয়াজ, নহৰু, বান্ধাকবি, আলু, মাহঁ‌জাতীয় খাদ্য আদি। ফলৰ ভিতৰত কল আৰু আপেল হৈছে প্ৰিবাইটিক খাদ্যৰ ভড়াল। প্ৰবাইটিক খাদ্যৰ কিছু উৎকৃষ্ট উদাহৰণ হ’ল দৈ, মাখন, আচাৰ, ইদলি, দোচা, এপেল চাইডাৰ ভিনেগাৰ ইত্যাদি।

থোৰতে কব লাগিলে অন্ত্ৰৰ স্বাস্থ্য বহু পৰিমাণে নিৰ্ভৰ কৰে এই উপযোগী অনুজীৱবোৰৰ উপৰত। এই অনুজীৱবোৰ ধ্বংস প্ৰাপ্ত হ’লে অন্ত্ৰৰ পাতল চামনিখনৰ ক্ষতি হয়। ফলত পেটৰ বিভিন্ন গণ্ডগোল হোৱাৰ উপৰিও স্বপ্ৰতিৰোধী ৰোগকে ধৰি বিভিন্ন শাৰীৰিক জটিল ৰোগ আৰু উদ্বিগ্নতা, বিষণ্ণতা, উন্মত্ততা আদি জটিল পৰ্যায়ৰ মানসিক ৰোগ প্ৰশস্ত হোৱাৰ পথ মুকলি হয়। সেয়ে আমি সৰ্বতোপ্ৰকাৰে এই উপযোগী অনুজীৱবোৰক ৰক্ষা কৰা উচিত। তেতিয়াহে অন্ত্ৰ সুৰক্ষিত থাকিব আৰু আমাৰ সুস্বাস্থ্য বৰ্তি থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *