মেটাবলিক চিনদ্ৰম আচলতে কি?
মেটাবলিক চিনদ্ৰম কোনো ৰোগ বিশেষৰ নাম নহয়। ই হৈছে শৰীৰৰ এনেকুৱা এক অৱস্থা য’ত হৃদৰোগ, ষ্ট্ৰ’ক আৰু টাইপ-২ ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি পাই। ইয়াক চিনদ্ৰম-এক্স বুলিও জনা যায় যিয়ে এই অৱস্থাৰ ভয়াৱহতাৰ এক আভাস দিয়ে। এই অৱস্থাত ভুক্তভোগীৰ তেজ পৰিবহণকাৰী ধমনীত অতিৰিক্ত গেদ জমা হয় যাক এথেৰ’স্কেলৰছিচ বোলা হয়। ফলত ধমনীবোৰ ডাঠ আৰু আলসুৱা হোৱাৰ লগে লগে স্থিতিস্থাপকতা হ্ৰাস পায়। ই ব্যক্তিৰ হৃদৰোগ আৰু ষ্ট্ৰ’কৰ সম্ভাৱনা ভালেখিনি বঢ়াই তোলে। ফলত আপোনাৰ জীৱনলৈ হঠাতে দুৰ্য্যোগ নামি আহিব পাৰে। ইয়ে আপোনাৰ জীৱনত চিৰদিনলৈ স্নায়ৱিক দুৰ্বলতা অথবা পক্ষাঘাটক মাতি আনিব পাৰে। তাৰ উপৰিও শৰীৰৰ কিছুমান অতি গুৰুত্বপূৰ্ণ অংগ যেনে লিভাৰ বা বৃক্ক ভালদৰে কাম কৰা বন্ধ কৰি দিব পাৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা অনুসৰি তলত উল্লেখ কৰা পাচবিধ বিপদসংকুল অৱস্থা মেটাবলিক চিনদ্ৰমৰ কাৰক।
১) বি এম আই (Body mass index) ৩০ কৈ অধিক হ’লে অথবা কঁকালৰ ঘেৰৰ পৰিধি পুৰুষৰ ক্ষেত্ৰত ৪০ ইঞ্চি বা মহিলাৰ ক্ষেত্ৰত ৩৫ ইঞ্চিৰ বেছি।
২) ট্ৰাইগ্লিচাৰাইদৰ মাত্ৰা ১৫০ mg/dl অধিক।
৩) গুদ কলেষ্টৰেল নামেৰে জনাজাত HDL ৰ মাত্ৰা পুৰুষৰ ক্ষেত্ৰত ৪০ mg/dl আৰু মহিলাৰ ক্ষেত্ৰত ৫০ mg/dl ৰ কম।
৪) দেহৰ ৰক্তচাপ ১৩০/৮৫ ৰ বেছি অথবা ৰক্তচাপ কমাবলৈ ঔষধ ব্যৱহাৰ কৰা।
৫) খালি পেটত (fasting) চুগাৰৰ মাত্ৰা ১০০ mg/dl ৰ অধিক থকা।
মেটাবলিক চিনদ্ৰম কিয় বিপদজনক?
সমগ্ৰ বিশ্বতে প্ৰতি ৫ জন ব্যক্তিৰ ১ জন আৰু ৬০ বছৰ বয়সৰ উৰ্ধৰ ৪০% ব্যক্তি এই লক্ষণত আক্ৰান্ত হয়। ইয়াৰ পৰাই এই চিনদ্ৰমবিধৰ ভয়াৱহতা বুজিব পাৰি। কিহে এই চিনদ্ৰম বিধ সৃষ্টি কৰে তাৰ সঠিক কাৰণ এতিয়ালৈ উলিয়াব পৰা নাই যদিও ইনচুলিন প্ৰতিৰোধৰ (insulin resistance) লগত ইয়াৰ নিকট সম্পৰ্ক দেখা গৈছে। ইনচুলিন প্ৰতিৰোধ আৰম্ভ হলে শৰীৰে ৰক্তত থকা গ্লুকজ আৰু ট্ৰাইগ্লিচাৰাইড কমাবলৈ ক্ৰমান্বয়ে অক্ষম হৈ পৰে। ইয়ে সমগ্ৰ দেহতে এক দীৰ্ঘকালিন প্ৰদাহৰ (inflammation) সৃষ্টি কৰে। ৰক্তবাহী নলিকাবোৰ ঠুনুকা হৈ পৰে। দেহৰ ওজন বৃদ্ধি পাবলৈ ধৰে। তাৰ উপৰিও আপুনি অন্য কিছুমান ৰোগত ভোগাৰ সম্ভাৱনা বৃদ্ধি পাই। তাৰ কিছুমান তলত উল্লেখ কৰা হ’ল।
মেটাবলিক চিনদ্ৰমক প্ৰতিৰোধ সম্ভৱ নে?
কেতিয়াবা মেটাবলিক চিনদ্ৰমে কোনো লক্ষণ নেদেখুৱাকৈয়ে তলে তলে গুৰুতৰ ৰোগ সৃষ্টিত অৰিহণা যোগাব পাৰে। সুখৰ কথা যে মেটাবলিক চিনদ্ৰম প্ৰতিৰোধ কৰা সম্ভৱপৰ। কিন্তু যদিহে ই আপোনাৰ বহুখিনি ক্ষতি কৰিলে তাক পূৰণ কৰা সহজ নহব। সেই ক্ষতি পূৰণৰ বাবে আপুনি যথেষ্ট কষ্ট কৰা প্ৰয়োজন হব। আনহাতে একেবাৰে প্ৰাৰম্ভিক অৱস্থাত আপুনি দৈনন্দিন জীৱন প্ৰণালীৰ কিছু যোগাত্মক সালসলনি কৰিয়ে সাংঘাটিক ফল লাভ কৰিব পাৰে।
১) ওজন হ্ৰাসঃ ৰাষ্ট্ৰীয় ডায়েবেটিছ আৰু বৃক্কৰোগ সংস্থাৰ শেহতীয়া এক অধ্যয়নত দেখা গৈছে যে মাত্ৰ ৫-৭% ওজন কমিলেই ডায়েবেটিছ ৰোগৰ সম্ভাৱনা প্ৰায় আধালৈ নামে।
২) যোগ-প্ৰাণায়াম আৰু ব্যায়ামঃ প্ৰতিদিনে অন্তত ৩০ মিনিট ব্যায়বিক (aerobic) ব্যায়াম যেনে দৌৰা, জোৰকৈ খোজ কঢ়া, উঠা-বহা কৰা, জপিওৱা আদি কৰিব। ইয়াৰ ফলত যথেষ্ট কেল’ৰী বাৰ্ণ হোৱাৰ লগতে হৃদপিণ্ডও মজবুত হব। ফলত ৰক্ত পৰিবাহী ধমনীত অতিৰিক্ত গেদ জমা হোৱাৰ (atherosclerosis) সম্ভাৱনা হ্ৰাস পাব। আনহাতে মাংসপেশী মজবুত কৰা ব্যায়ামে শৰীৰৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে। ফলত আপুনি ব্যায়াম নকৰা সময়খিনিটো পৰ্যাপ্ত কেলৰী হ্ৰাস সম্ভৱ হয়। তাৰ লগে লগে যোগ আৰু প্ৰাণায়ামেও কেলৰী হ্ৰাস, মাংসপেশী মজবুত আৰু হৃদতন্ত্ৰক শক্তিশালী কৰে।
৩) শাৰীৰিক শ্ৰমঃ যিমান দূৰ সম্ভৱ অলস ভাৱে বহি বা শুই নাথাকি শাৰীৰিক শ্ৰম কৰি থাকিব চেষ্টা কৰিব। লগতে গাড়ী-মটৰৰ ব্যৱহাৰ কমায় খোজ কঢ়া আৰু চাইকেল চলোৱাক প্ৰাধান্য দিব।
৪) উচিত খাদ্যভাষঃ খাদ্যৰ তালিকাৰ পৰা কাৰ্বহাইদ্ৰেট (শৰ্কৰা) ৰ পৰিমাণ হ্ৰাস কৰক। কাৰ্বহাইদ্ৰেটৰ কাম হ’ল শৰীৰত শক্তিৰ যোগান ধৰা। কিন্তু অতিৰিক্ত কাৰ্বহাইদ্ৰেটে শৰীৰত মেদৰ সৃষ্টি কৰে। ফলত ব্যক্তি স্থূলতাত ভোগে। পেটত অতিৰিক্ত চৰ্বী জমা হয়। বিশেষকৈ সৰল কাৰ্বহাইদ্ৰেট সহজে পচন হয়। তেনেকুৱা খাদ্যবস্তুৰ কেইটামান উদাহৰণ হ’ল সংসাধিত খাদ্যবস্তু যেনে ব্ৰেড, বিস্কুট, পাস্তা, কেক, বাৰ্গাৰ, পেটিছ, পিজ্জা, মিঠাই, শিংৰা, গজা, বালচা, কল্ড দ্ৰিংকচ, ফলৰ ৰস ইত্যাদি। ফাষ্ট ফুড যেনে মেগী, ম’ম, নডিয়ুলছ্, ফ্ৰাইড ৰাইচ, বিৰিয়ণী আদি পাৰ্যমানে পৰিহাৰ কৰক। ভাত আৰু ৰুটিৰ পৰিমাণো কিছু কমায় দিব। মিঠা ফল যেনে আম, কল আংগুৰ, আনাৰস আদি কমায় দিয়ক। সেউজীয়া শাক-পাচলি, চালাদৰ পৰিমাণ বঢ়াই দিয়ক। এনেধৰণৰ খাদ্যত থকা আঁহে (fibre) পাইখানা খোলোচা কৰি ৰখাতো সহায় কৰে। খাদ্যৰ তালিকাত আঁহৰ পৰিমাণ অন্তত ৩০ গ্ৰাম হলে ভাল। শুকান ফল যেনে কাঠ বাদাম, কাজু, বাদাম আদি খাব পাৰে। প্ৰটিনৰ পৰিমান বঢ়াই দিব। তাৰ বাবে কণী, ৰাজমাহ, চয়াবিন, বিভিন্ন ধৰণৰ দালি খাব পাৰে। মাছ, মাংস পৰিমিত পৰিমাণে খাব পাৰে। খাদ্যবস্তুৰ পৰা নিমখৰ পৰিমাণ কমাব। বিশেষকৈ কাহীত উপৰিঞ্চি নিমখ নোখোৱাই ভাল।
৫) দুসাজ গধুৰ খাদ্যৰ মাজত ১২-১৬ ঘণ্টা সময়ৰ ব্যৱধান ৰাখিব পাৰে। ফলত খাদ্য বস্তু ভালদৰে হজম হয় আৰু ইনচুলিন কমকৈ নিঃসৰণ হোৱাৰ ফলত ইনচুলিন প্ৰতিৰোধ অৱস্থা কমকৈ হব। দেখা গৈছে যে সঘনে খোৱাৰ ফলত শৰীৰত ইনচুলিন নিঃসৰণৰ মাত্ৰাও বৃদ্ধি হয় যিয়ে ডায়েবেটিছৰ আশংকা বৃদ্ধি কৰে।
৬) ধুমপান কঠোৰভাৱে বৰ্জনীয়। ধুমপানত থকা নিক’টিনে ৰক্ত পৰিবাহী ধমনীক ক্ষতি সাধন কৰি হৃদৰোগৰ সম্ভাৱনা বঢ়ায় তোলে। আনহাতে মাদক দ্ৰৱ্যও পাৰ্যমানে বৰ্জনীয়। কেতিয়াবা ললেও সি কোনো পধ্যে ৬০ মিলিলিটাৰৰ অধিক হোৱা উচিত নহয় (অন্য নিষেধ নাথাকিলে)।
সৰ্বশেষত এটা কথা কব পাৰি যে প্ৰতিৰোধেই হৈছে সৰ্বশ্ৰেষ্ঠ চিকিৎসা। সেয়ে সাৱধান অৱলম্বন কৰি আহাৰ-বিহাৰ মানি চলিলে অকল মেটাবলিক চিনদ্ৰমেই নহয় আৰু বহুতো ৰোগৰ পৰা নিজকে বচাই চলা সম্ভৱ। ইয়াৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ আৰু নিয়মিতভাৱে স্বাস্থ্য পৰীক্ষাও সমানে প্ৰয়োজনীয়।
লিখকঃ ডাঃ কমল কৃষ্ণ নাথ
বিশেষজ্ঞ চিকিৎসক (সঞ্জীৱন আয়ুৰ্বেদ, ৰঙিয়া)
ফোন নং 9957182534