বৰ্তমান সময়ত ভৱিষ্যতকলৈ যথেষ্ট ভয়, অনিশ্চিয়তা আৰু উদ্বিগ্নতাৰ সৃষ্টি হৈছে। আৰু ই স্বাভাৱিকো। শেহতীয়া অৰ্থনৈতিক মন্দাই আমাক কাহিল কৰি তুলিছে। মুদ্ৰাস্ফীতি অবাধ হাৰত বাঢ়িছে, লগে লগে বয়-বস্তুৰ দামো আকাশলংঘী হৈছে। এই কঠিন সময়ত বেছিভাগ মানুহে দিক-বিদিক হেৰুৱাই হতাশাত নিমজ্জিত হৈছে। এওলোকক ভৱিষ্যৎৰ এক সুন্দৰ সপোনে কোনোধৰণে ব্যাকুল নকৰে। বেছিভাগে সৰু সৰু কথাতে সাংঘাতিক প্ৰতিক্ৰিয়া দেখুৱাবলৈ লৈছে। ই ভয় আৰু শংকাৰে বৰ্হিপ্ৰকাশ। এইখিনি সময়ত আমাৰ চিন্তা-ভাৱনাবোৰ অধিক স্পষ্ট আৰু ধনাত্মক হোৱাৰ বেছি প্ৰয়োজন যাতে অনাগত দিনবোৰ আমি অধিক সাহসেৰে প্ৰত্যাহ্বান জনাব পাৰোঁ।
কুখ্যাত হ’লকাষ্ট জয় কৰা মনোবিজ্ঞানী ভিক্তৰ ফ্ৰেংক’লৰ ভাষাৰে
কঠিন সময়ক কিদৰে প্ৰত্যাহ্বান জনাব লাগে সেয়া যদি কোনোবাই বুজি পাইছিল তাৰ উৎকৃষ্ট উদাহৰণ হ’ল ভিক্তৰ ফ্ৰেংক’ল। তেওঁ এজন ইহুদী মনোবিজ্ঞানী আৰু লিখক আছিল যিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কুখ্যাত নাজী বাহিনীৰ অমানুষিক অত্যাচাৰৰ সন্মুখীন হৈ বাচি থাকিবলৈ সক্ষম হৈছেল আৰু পৰৱৰ্তী সময়ত লিখক হিচাপে বিশ্ববিখ্যাত হৈছিল। “জীৱনৰ অৰ্থৰ সন্ধানত মানুহ” নামৰ এখন কিতাপত তেখেতে সন্মুখীন হোৱা ভয়াবহ অভিজ্ঞতাক কাহিনী আকাৰে অংকিত কৰিছিল। ফ্ৰেংক’লে বুজি পাইছিল যে অতিশয় কঠিন পৰিস্থিতি যেনে নাজীৰ “ক’নচেন্ত্ৰচন কেম্প”ৰ পৰা বাচি আহিবলৈ সবাতোকৈ প্ৰয়োজন আছিল আত্মবলৰ আৰু এক ভৱিষ্যতৰ লক্ষ্য বা উদ্দেশ্যৰ সৈতে নিজকে সচেতনভাৱে যুক্ত কৰা যাতে এনেকুৱা এক শক্তি প্ৰদান কৰে য’ত অবৰ্ণনীয় দুখ যন্ত্ৰণাও গৌণ হৈ পৰে। তেখেতে লক্ষ্য কৰিছিল যে যেতিয়াই কোনো ব্যক্তিয়ে তেওঁৰ ভৱিষ্যৎৰ প্ৰতি সমূলি আশা হেৰুৱাই পেলাই তেতিয়াই তেওঁৰ শৰীৰত কিছুমান বিপদ ধ্বনি বাজিব ধৰে আৰু সেই ব্যক্তি অতি সোনকালে মৃত্যুমুখত পৰে। তাৰ মূল কাৰণ আছিল আশা-ভৰষা হেৰাৱাৰ লগে লগে ব্যক্তি আধ্যাত্মিক ভাৱে দুৰ্বল হৈ নিজকে শাৰীৰিক আৰু মানসিক ভাৱে নিঃশেষ হবলৈ এৰি দিয়া।
মনোবিজ্ঞানী সকলে গৱেষণাৰ পৰা ৩ বিধ কথা বিচাৰি উলিয়াইছে।
১) মানুহে ভৱিষ্যৎৰ উপৰত আধাৰ কৰি জীয়াই থাকিবলৈ শিকে।
২) প্ৰকৃত অৰ্থত এজন মানুহ হিচাপে নিজকে দাঙি ধৰিবলৈ আশা আৰু আত্মজ্ঞান সবাতোকৈ গুৰুত্বপূৰ্ণ।
৩) দীৰ্ঘম্যাদী এক উজ্বল ভৱিষ্যৎৰ লগত নিজকে যুক্ত কৰাটো কঠিন সময়ৰ প্ৰত্যাহ্বান জনোৱাৰ লগে লগে যিকোনো সঠিক সিদ্ধান্তৰ বাবেও অতি প্ৰয়োজনীয়। আনহাতে ভৱিষ্যৎৰ এক ধূসৰ ধাৰণা লৈ সঠিক সিদ্ধান্ত লোৱা প্ৰায় অসম্ভৱ।
এই সকলোবোৰ কথা জুকিয়াই চালে কঠিন সময়ৰ ধূসৰ পৰিস্থিতিক প্ৰত্যাহ্বান জনাবলৈ আপোনাৰ হাতত মাত্ৰ দুটা বিকল্পই খোলা আছে।
১) ক্ষণিক মুহূৰ্তত উদ্ভৱ হোৱা দুশ্চিন্তাত বিহ্বল হৈ দুৰ্বল হৈ পৰা । ভয়, শংকা আৰু অনিশ্চয়তাত সঠিক সিদ্ধান্ত লবলৈ সক্ষম নোহোৱা।
২) মনতে কল্পনা কৰি লোৱা দীৰ্ঘম্যাদী এক উজ্বল ভৱিষ্যৎৰ লগত নিজকে জড়িত কৰা। আত্মবলৰ সহায়ত সময়োচিত সিদ্ধান্ত সমূহ লবলৈ নিজকে সাজু কৰা। সাহস আৰু প্ৰজ্ঞাৰে জীৱনৰ গতিপথত আগুৱাই যোৱা।
সিদ্ধান্ত আপোনাৰ! ভয় আৰু শংকাত বিহ্বল হৈ নিজকে এৰি দিব নে এক বৰ্তমান মুহূৰ্তবোৰক অনাগত উজ্বল ভৱিষ্যৎৰ লগত যুক্ত কৰি কিছুমান সঠিক সিদ্ধান্ত আৰু প্ৰচেষ্টাৰ সহায়ত আগুৱাই যাব!
লিখকঃ ডাঃ কমল কৃষ্ণ নাথ