ৰোগ নিৰাময়ত মিউজিক থেৰাপি



সংগীত মানুহৰ এক মৌলিক প্ৰয়োজনৰ অন্যতম। আদিম সভ্যতাৰ পৰা একেবাৰে আধুনিক সময়লৈকে সংগীত বিভিন্ন ধৰণে প্ৰচলিত আৰু সমাদৃত। সেয়ে আমি গান গাও, সুহুৰি বজাও, বিভিন্ন সুৰ সৃষ্টি কৰো আৰু সংগীতৰ লহৰত নাচি-বাগি আপোন পাহৰা হওঁ‌। সংগীতৰ উৎপত্তি হয় হৃদয়ৰ একেবাৰে নিভৃত স্থলৰ পৰা। সেই বাবেই সংগীতে আমাৰ হৃদয় তীব্ৰতাৰে আন্দোলিত কৰি তোলে। মানুহৰ মগজুৱে সংগীতক অশ্ৰাব্য কোলাহলৰ পৰা পৃথক কৰিবলৈ সক্ষম। সেয়ে সংগীতৰ লহৰত আমাৰ মন নাচি উঠে কিন্তু কোলাহলে আমাক বিৰক্ত আৰু অশান্ত কৰি তোলে। এই সকলোবোৰ কথা জুকিয়াই চালে সংগীত সৃষ্টিৰ এক উদ্দেশ্য থকা যেন বোধ হয় যদিও ইয়াক স্পষ্টকে কোৱা মস্কিল। কিন্তু শেহতীয়া গৱেষণাই দেখুৱাইছে যে মানুহৰ স্বাস্থ্যৰক্ষা, সক্ষমতা আৰু আৰোগ্য লাভত সংগীতৰ এক গুৰুত্বপূৰ্ণ ভুমিকা আছে।

সংগীতে বুদ্ধিমত্তা, বোধ ক্ষমতা আৰু স্মৰণ ক্ষমতা বৃদ্ধি কৰে তাত কোনো দ্বিমত নাই। কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ “মজাৰ্ট এফেক্ত” নামৰ এক অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি স্নায়ুকোষে নিৰ্গত কৰা সংকেতক সংগীতে সুসংবদ্ধ কৰাত সহায় কৰে। ফলত কোনো বাৰ্তা অধিক স্পষ্ট ৰূপত প্ৰতিফলিত হয়।কোনো ৰোগৰ পৰা আৰোগ্য প্ৰাপ্তিত সংগীতে কিদৰে সহায় কৰে তাৰ উপৰত ইতিমধ্যে বিভিন্ন গৱেষণা কৰা হৈছে। নিউয়ৰ্কৰ এখন চিকিৎসালয়ত চকুত ছানি পৰা ৰোগৰ  (কেটাৰেক্ট) অস্ত্ৰোপ্ৰচাৰৰ বাবে সাজু কৰা ৰোগী সকলৰ মাজত একাংশৰ উচ্চৰক্তচাপ আৰু হৃদস্পন্দন ভালদৰে নিয়ন্ত্ৰণ হোৱা নাছিল। তেওঁলোকক সংগীত থেৰাপি প্ৰয়োগ কৰাৰ পিছত ই ভালেখিনি নিয়ন্ত্ৰণত আহিল। আনহাতে একাংশ চিকিৎসকে অস্ত্ৰোপচাৰৰ সময়চোৱাত মৃদু সংগীত বজাই ৰাখিছিল। দেখা গ’ল তেওঁলোকে অস্ত্ৰোপচাৰ তুলনামূলকভাৱে কম সময় আৰু অধিক দক্ষতাৰে সম্পন্ন কৰিবলৈ সমৰ্ত্থ হ’ল।

আৰোগ্য লাভ কৰাত সকলো সংগীত সমানে কাম নকৰে। নিম্ন প্ৰাৱল্য সংগীতে দেহ মনলৈ এক প্ৰশান্তিৰ ভাৱ আনি দিয়ে আনহাতে উচ্চ প্ৰাবল্যৰ সংগীতে মনলৈ তাৎক্ষণিক উৎসাহ-উদ্দীপনা আনি দিবলৈ সক্ষম। কিছুমান সংগীতে হতাশা, উদ্বেগ আদি মানসিক ব্যাধিৰ লগে লগে অনিদ্ৰাৰোগতো বিশেষভাৱে উপযোগী। আনহাতে অন্য কিছু সংগীতে কিছুমান পুৰণিকলীয়া ব্যাধি, বিষ-বেদনা আদি নিৰাময়ত উল্লেখনীয় ভুমিকা লব পাৰে। যিসকল বয়োজ্যেষ্ঠ লোক খোজ কাঢ়োতে সহজে বাগৰি যোৱাৰ সম্ভাৱনা থাকে তেওঁলোকৰ শাৰীৰিক সন্তুলন সংগীত থেৰাপিৰ সহায়ত ভালেখিনি ঠিক কৰিব পাৰি। ষ্ট্ৰ’কৰ ফলত উদ্ভৱ হোৱা পক্ষাঘাত ৰোগ নিৰাময়ত মিউজিক থেৰাপিৰ বৰ আশাপ্ৰদ ফলাফল পোৱা গৈছে ।

মিউজিক থেৰাপিৰ বাবে ব্যৱহৃত সংগীতৰ ভিতৰত শাস্ত্ৰীয় সংগীতৰ স্থান অতি উচ্চ। বিশেষকৈ হিন্দুস্থানী শাস্ত্ৰীয় সংগীত প্ৰয়োগ কৰি সন্তোষজনক ফলাফল লাভ কৰা দেখা গৈছে। যেনে হৃদৰোদৰ বাবে ৰাগ চন্দ্ৰকুনচে, অনিদ্ৰাৰ বাবে ৰাগ ‘বিহাগ’ আৰু ৰাগ ‘বাহাৰ’, উচ্চ ৰক্তচাপৰ বাবে ৰাগ ‘ভূপালী’ ৰাগ ‘টোড়ি’ আৰু ৰাগ ‘অহিৰ ভৈৰৱ’ৰ যথেষ্ট সুফল পোৱা গৈছে। আনহাতে ৰাগ ‘তিলক’, ‘কোমল’, হংসধ্বনি’, ‘কলাৱতী’ আৰু ‘দুৰ্গা’ই মানসিক চাপ হ্ৰাস কৰাত যথেষ্ট ফলপ্ৰসূ। সেইদৰে ৰাগ ‘মেঘমল্লাৰে’ শৰীৰক এক প্ৰাণৱন্ত ভাৱ প্ৰদান কৰে বুলি গৱেষণাত প্ৰকাশ পাইছে।
মিউজিক থেৰাপিৰ সহায়ত ৰোগ নিৰ্মূল ধাৰণাতো ইতিমধ্যে আনুস্থানিক ভাৱে আৰম্ভ হৈ গৈছে। সেই উদ্দেশ্যে বিভিন্ন মিউজিক এছচিয়েছন গঢ় লৈ উঠিছে যাৰ অন্যতম হ’ল ১৯৯৮ চনত গঠিত হোৱা ‘আমেৰিকান মিউজিক থেৰাপি এছ’চিয়েছন’। যদিও প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধত আঘাতপ্ৰাপ্ত সৈনিকসকলৰ আৰোগ্য লাভত সফলতাৰে মিউজিক থেৰাপি ব্যৱহৃত হৈছিল বৰ্তমান প্ৰচলিত আধুনিক মিউজিক থেৰাপিৰ ধাৰণাতো কুৰি শতিকাৰ ৬০ দশকত জুলিয়েট এলভিনে আৰম্ভ কৰে। ২০০৬ চনত ড° মাইকেল জে ক্ৰ’ফৰ্ড আৰু সহযোগী সকলে জটিল মানসিক ব্যাধি ‘স্ৰিজ’ফ্ৰেনিয়া’ ৰোগ আৰোগ্যত মিউজিক থেৰাপিৰ গুৰুত্বপূৰ্ণ ভূমিকা প্ৰমাণ কৰে। কিন্তু গুৰুত্বপূৰ্ণ কথা যে উচিত ফলাফল লাভ কৰিবলৈ বিজ্ঞজনৰ পৰামৰ্শ আৰু তত্বাৱধানতহে মিউজিক থেৰাপি ব্যৱহাৰ কৰা উচিত।

এনেদৰে বহুতো উদাহৰণ দিব পাৰি যদিও এটা কথা ন দি কব পাৰি যে সংগীতে আমাৰ মাজত অৱচেতন ভাৱে থকা এক বিশাল শূন্যতাৰ ৰিক্ত স্থান পূৰণ কৰে। অন্যথা আমাৰ মাজত বহু থাকিও একো নাথাকিল হেতেন। সেয়েহে মনটো ভাৰাক্ৰান্ত হলেই আজিও আমি আমাৰ পচন্দৰ সংগীত শুনো বা গুণগুণাব ধৰোঁ‌।  সংগীতে আমাৰ ব্যক্তিসত্তাৰ এক বুজন অংশ অধিকাৰ কৰি ৰাখিছে যিটো আন কোনেও অধিকাৰ কৰিব পাৰিব বুলি মনে নধৰে। সেই বাবেই সংগীতৰ আৱেদন সাৰ্বজনিক। বিভিন্ন ৰোগ নিৰাময়ত সংগীতৰ প্ৰয়োগ ইতিমধ্যে মূল ধাৰাৰ চিকিৎসা পদ্ধতিৰ অনুসংগ হিচাপে আৰম্ভ হৈছে। ফলাফলো যথেষ্ট আশাপ্ৰদ। অনাগত দিন বোৰত মিউজিক থেৰাপিয়ে ৰোগ নিৰাময়ত যে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিব ই নিশ্চিত।

লিখকঃ ডাঃ কমল কৃষ্ণ নাথ।

Leave a Reply

Your email address will not be published.