জীৱনত সফলতা প্ৰাপ্ত কৰিবলৈ কৰ্মকুশলতা বৃদ্ধি কৰাৰ প্ৰয়োজন আহি পৰে। নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰয়োজনীয় কাম সম্পাদন কৰাৰ কৌশলটো শিকি নললে প্ৰতিটো ক্ষেত্ৰতে আমি পিছুৱাই যাবলৈ আমি বাধ্য হওঁ। আমাৰ মাজত ই এক অনামী অপৰাধবোধৰ জন্ম দিয়ে। কিন্তু কৰ্মকুশলতা বৃদ্ধিৰ বাধক হৈ পৰা কাৰণ সমূহ চিনাক্ত কৰি তাক সমাধান কৰিব পাৰিলে নিশ্চিত ভাৱে আমি সফলতা লাভ কৰিব পাৰিম তাৰ কোনো সন্দেহ নাই।
প্ৰায়ে দেখা যায় যে ভাল ভাৱেৰে দিনটো আৰম্ভ কৰা যায় যদিও বিশেষ একো কাম নকৰাকেই কিদৰে দিনটো পাৰ হৈ যায় গমকেই পোৱা নাযায়। এনেকুৱা যদি আপোনাৰ ক্ষেত্ৰটো হৈছে তেন্তে এই লিখনিটো আপোনাৰ বাবে অত্যন্ত উপযোগী হব। ইয়াত ৫ টা কাৰণ বিশ্লেষণ কৰা হৈছে যাক বুজি লৈ সঠিক ভাৱে প্ৰয়োগ কৰিলে কৰ্মকুশলতা বৃদ্ধিত ই নিশ্চিতভাৱে সহায় কৰিব।
ৰাতিপুৱা ১ ঘণ্টা হেৰুৱাই পেলাওক আৰু দেখিব গোটেই দিনটো আপুনি সেই সময়কণ বিচাৰি আছে
ৰিচাৰ্ড হোৱাটেলি
১) সহজে কামৰ গতি নোলোৱাঃ
যদিও ভৱা যায় যে আমাৰ হাতত দিনটোৰ ২৪ ঘণ্টা সময় আছে কিন্তু বাস্তৱক্ষেত্ৰত ভালদৰে কাম কৰিবকৈ ৪-৬ ঘণ্টাহে উপলব্ধ হয়। সেয়াও দিনটোৰ প্ৰথমভাগতহে। যদিহে আপুনি ৰাতিপুৱাই যদি মন্থৰ গতিৰে কাম আৰম্ভ কৰে তেন্তে কোনো লেখত লবলগীয়া কাম সম্পাদন নহলে কোনো আচৰিত হব লগীয়া কথা নহয়। গতিকে কৰ্মকুশলতা বৃদ্ধিৰ বাবে ৰাতিপুৱাই প্ৰচণ্ড শক্তি আৰু সামৰ্থ্যৰে লাগি পৰক। সহজ কামেৰে আৰম্ভ কৰি পৰ্যায় ক্ৰমে কঠিন কামত নিবৃত্ত হওক যাতে আৰম্ভণিতে নিৰাশ হব লগীয়া নহয়।
২) আগদিনাখন সন্ধিয়া পৰৱৰ্তী দিনৰ কৰ্মসূচী তৈয়াৰ নকৰাঃ
প্ৰতিটো মিনিটৰ পৰিকল্পনাই আপোনাক প্ৰকৃত কামটো সম্পাদন কৰাৰ ১০ মিনিট ৰাহি কৰে
ব্ৰায়ান ট্ৰেছী
কোনো কাম সফল ভাৱে সম্পাদন কৰিবলৈ পৰিকল্পনাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আগদিনা সন্ধিয়া যদি আপুনি পৰৱৰ্তী দিনৰ কৰ্মসূচীৰ আৰ্হি তৈয়াৰ কৰে তেন্তে ই নিশ্চিতভাৱে ক্ষিপ্ৰতাৰে কাম সমাধান কৰাত সহায় কৰিব।
৩) চিত্তবিক্ষিপ্ত হবলৈ এৰি দিয়াঃ
কৰ্মকুশলতা বৃদ্ধিৰ বাবে সময়ৰ পৰিমাণ নহয়, মানদণ্ডহে বেছি গুৰুত্বপূৰ্ণ। অৰ্থাৎ আমি যিমানেই মনযোগেৰে কাম কৰিম সিমানেই আমাৰ দক্ষতা বৃদ্ধি পাব। আনহাতে চিত্ত বিক্ষিপ্ত কৰা বিভিন্ন মাধ্যম যেনে ছ’চিয়েল মিডিয়া, বা-বাতৰি, ই-মেইল আদিয়ে মনযোগ কাঢ়ি আনিবলৈ অনবৰত ৰৈ আছে। এইবোৰে সহজে আমাক চিত্তবিক্ষিপ্ত কৰিবলৈ সমৰ্থ হোৱাৰ মূল কাৰণটো হৈছে গুৰুত্বপূৰ্ণ কোনো বিষয় আমাৰ হাতৰ পৰা ওলাই যাব বুলি কৰা ভয় (fear of missing out)। ফলত আমাৰ মনযোগ ক্ষমতা লক্ষণীয় ভাৱে হ্ৰাস পাইছে। আমি জানো যে গল্ডফিছৰ মনযোগ ক্ষমতা নিচেই কম। মাত্ৰ ৯ চেকেণ্ড। কিন্তু মাইক্ৰচ’ফ্টৰ এক শেহতীয়া অধ্যয়ণত এক উদ্বেগজনক তথ্য প্ৰকাশ পাইছে। সেয়া হৈছে মানুহৰ মনযোগ ক্ষমতা গল্ডফিছতকৈও হ্ৰাস পাইছে। ই হৈছে গৈ মাত্ৰ ৮ চেকেণ্ড। অন্য এক অধ্যয়নত দেখা গৈছে যে এবাৰ মনযোগ ব্যাঘাত ঘটিলে প্ৰায় ১৫ মিনিট সময় প্ৰয়োজন হয় পুণৰ মনযোগ স্থাপন কৰিবলৈ। সেয়ে কোনো গুৰুত্বপূৰ্ণ কামত লাগি পৰিলে ম’বাইল ন’টিফিকেচন অফ’ কৰি লওক, সম্ভৱ হলে ম’বাইলটো নিঃশব্দ কৰক আৰু পূৰ্ণ মনযোগেৰে কামত ধৰক। এইক্ষেত্ৰত আপুনি প’মদ’ৰ’ (pomodoro) টেকনিকৰ সহায় লব পাৰে য’ত ২৫ মিনিট সময় নিৰৱচ্ছিন্ন ভাৱে কাম কৰি ৫ মিনিট বিশ্ৰাম লব পাৰে। এনেদৰে ৪ বাৰ কৰিলে আপুনি প্ৰায় ২ ঘণ্টা নিৰন্তৰ কাম কৰিবলৈ সক্ষম হব।
৪) কোনো কামৰ বাবে নিৰ্দিষ্ট সময় নিৰ্ধাৰণ নকৰাঃ
কোনো কামৰ বাবে নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰিলে ই সহজে হৈ উঠে। তাৰ বিপৰিতে ই প্ৰয়োজনতকৈ বেছি সময় লব। তাৰ অৰ্থ হ’ল নিৰ্দিষ্ট সময়ত কামটো সম্পাদন নহলে ই আন কামৰ বাবে নিৰ্ধাৰণ কৰা সময় নষ্ট কৰিব। এই নীতিটোকে “পাৰ্কিনচন নিয়ম” বোলা লয় যত নিৰ্ধাৰণ কৰা সময়ানুপাতে কাম সমাধান কৰাৰ মাত্ৰাও বৃদ্ধি বা হ্ৰাস হয়।
৫) অগ্ৰধিকাৰ অনুসৰি কৰ্মসূচী নিৰ্ধাৰণ নকৰাঃ
সকলো কামৰে গুৰুত্ব সমান নহয়। কোনো কামৰ বেছি, কোনোৰ কম। আপুনি যদি প্ৰতিটো কামৰ গুৰুত্ব অনুসৰি সম্পাদন নকৰে তেন্তে বহু কামেই সম্পাদন কৰিবলৈ সময় উলিয়াব নোৱাৰিব। এইক্ষেত্ৰত আপুনি ৮০/২০ সিদ্ধান্তৰ সহায় লব পাৰে। এই নিয়ম অনুসৰি আমাৰ ২০% কামে ৮০% সফলতা প্ৰদান কৰে আৰু তদানুৰূপ ৮০% কামে ২০% সফলতা দিয়ে। গতিকে এই ২০% কাম যত আমি সৰ্বাধিক ফল লাভ কৰো তেনেকুৱা কামবোৰ চিনাক্ত কৰি তাৰ পৰিমাণ বৃদ্ধি কৰিলে নিশ্চয় সফলতাৰ মাত্ৰাও বৃদ্ধি পাব।
প্ৰসিদ্ধ লিখক ষ্টেভেন ক’ভিয়ে অগ্ৰধিকাৰ অনুসৰি সকলোবোৰ কামক ৪ ভাগত বিভক্ত কৰিছে।
i) অতি আৱশ্যক আৰু গুৰুত্বপূৰ্ণ
ii) অতি আৱশ্যক নহয় কিন্তু গুৰুত্বপূৰ্ণ
iii) অতি আৱশ্যক কিন্তু গুৰুত্বপূৰ্ণ নহয়
iv) অতি আৱশ্যক আৰু গুৰুত্বপূৰ্ণ কোনোটোৱে নহয়
ক’ভিয়ে সকলোবোৰ কম গুৰুত্বপূৰ্ণ কামক পৰ্যায়ক্ৰমে বাদ দি বেছি গুৰুত্ব থকা কামৰ বাবে সৰ্বাধিক সময় দিয়াৰ উপদেশ দিছে।
এইখিনিতে এটা কথা স্পষ্ট যে কৰ্মকুশলতা বা উৎপাদনশীলতা মানে বেছি কাম কৰা নুবুজায়। বৰঞ্চ সঠিক সময়ত উচিত কৰ্ম দক্ষতাৰে কৰ্মসম্পাদন কৰাহে কৰ্মকুশলতাৰ লক্ষণ। আহকচোন আমি সকলোৱে কৰ্মকুশলতা বৃদ্ধি কৰি জীৱনটোক সফল আৰু সুখী কৰি তোলো।
লিখকঃ ডাঃ কমল কৃষ্ণ নাথ