টোপনি আমাৰ প্ৰত্যেকৰে বাবে অপৰিহাৰ্য। কব পাৰি যে মানুহে জীৱনৰ প্ৰায় ৩০% সময় শুই পাৰ কৰে। হিচাপ কৰিলে এই সময় কাল এজন মানুহৰ জীৱনৰ প্ৰায় ২২ বছৰ হব। ইয়াৰ পৰা টোপনি আমাৰ বাবে কিমান দৰকাৰী এক আভাস পাব পাৰি। নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ স্নায়ুবিজ্ঞানী ড° মাইকেল হলসাই (Dr Michael Halassa)কয়- আদিম কালত মানুহ যেতিয়া শুইছিল সেই সময়কণ তেওঁৰ বাবে সবাতোকৈ দুৰ্বল মুহূৰ্ত আছিল কাৰণ সেইখিনি সময়ত কোনো বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণৰ সম্ভাৱনা সবাতোকৈ বেছি আছিল। তৎস্বতেও মানুহে শুইছিল কাৰণ জীয়াই থাকিবলৈ টোপনি মৰাটো সৰ্বাধিক প্ৰয়োজনীয় কাম আছিল।
এতিয়া টোপনি কিয় ইমান প্ৰয়োজনীয় সেয়া সম্ভেদ লও আহক। মানুহে যেতিয়া নিদ্ৰাৰ কোলাত থিতাপি লয় তেতিয়াও শৰীৰে তাৰ কাম সমূহ কৰি থাকে। প্ৰথম কথা টোপনিৰ সময়চোৱাত শৰীৰে তাৰ অপৰিশোধিত আৱৰ্জনা সমূহ উলিয়াই দিবলৈ চেষ্টা কৰে। এই টক্সিন সমূহ শৰীৰত জমা হৈ থাকিলে উন্মাদ, অপস্মাৰ (মৃগী), স্মৃতিভ্ৰংশ আদি মগজুৰ জটিল ব্যাধিত সহজে পতিত হব। আনহাতে গভীৰ নিদ্ৰাৰ সময়ত হ্ৰস্বকালীন স্মৃতি দীৰ্ঘকালীন স্মৃতিলৈ পৰিবৰ্তন হয়, ফলত বহুত পুৰণি কথাও আমি প্ৰয়োজনৰ সময়ত মনত পেলাবলৈও সক্ষম। আনহাতে ৫ ঘণ্টাৰ কম টোপনি শুলে প্ৰয়োজনীয় শক্তিৰ বাবে শৰীৰে আমাৰ জমা থকা চৰ্বীৰ (স্নেহপদাৰ্থ) সলনি কাৰ্বহাইড্ৰেট (শৰ্কৰা)আৰু প্ৰটিন (মাংসসাৰ) ব্যৱহাৰ কৰিব। ইয়াৰ ফলত ব্যক্তিৰ মাংসপেশী ক্ৰমান্বয়ে হ্ৰাস পাব। অনবৰত ভোক লাগি থাকিলে এই বিষয়ে আমি নিশ্চিত হব পাৰো। আনহাতে কমকৈ শুলে শৰীৰত ইনচুলিনৰ প্ৰতিক্ৰিয়াও হ্ৰাস পায়। ফলত ব্যক্তি বহুমুত্ৰ আৰু উচ্চৰক্তচাপ আদি জীৱন-প্ৰণালীগত ৰোগত ভোগাৰ সম্ভাৱনা আছে।
কিমান সময় শুৱ লাগে ব্যক্তি ভেদে তাৰ প্ৰয়োজনীয়তাৰ তাৰতম্য আছে যদিও সুস্বাস্থ্যৰ বাবে প্ৰতিদিনে ৭-৯ ঘণ্টাৰ টোপনি এজন প্ৰাপ্তবয়স্কৰ বাবে অতিশয় জৰুৰী বুলি বিজ্ঞানী সকলে পতিয়ন গৈছে। প্ৰশ্ন উঠিছে কমকৈ শুলে দৰাচলতে কি ক্ষতি হব পাৰে? এইক্ষেত্ৰত আমেৰিকাৰ পেনচেলভেনিয়া বিশ্ববিদ্যালয়ে এক সম্পৰীক্ষা চলাইছিলে যত ৪৮ জন ছাত্ৰ-ছাত্ৰীক ৪ টা ভাগত বিভক্ত কৰি প্ৰথম ভাগক ৩ দিন টোপনিৰ পৰা বঞ্চিত কৰা হ’ল। দ্বিতীয় ভাগক ৪ ঘণ্টা, তৃতীয় ভাগক ৬ ঘণ্টা আৰু চতুৰ্থ ভাগক ৮ ঘণ্টা শুবলৈ দিয়া হ’ল। ইয়াৰে প্ৰথম ভাগৰ মাজত গম্ভীৰ লক্ষণ কিছুমান পৰিলক্ষিত হল। দ্বিতীয় আৰু তৃতীয় ভাগৰ ছাত্ৰ সকলে মনযোগ দিয়া, নিৰীক্ষণ কৰা, বুজি পোৱা আদি সুক্ষ্ম কৰ্ম কিছুমানত অসুবিধা পালে ফলত তেওঁলোকৰ কাৰ্য দক্ষতাৰ সাংঘাটিক অৱনতি হ’ল। যিসকলে দৈনিক ৪ ঘণ্টা শুইছিল তেওঁলোকৰ ক্ষেত্ৰত ই বেছিকৈ দেখা গ’ল। যিসকলে ৬ ঘণ্টা শুইছিল তেওঁলোকে এই প্ৰথম অৱস্থাত সেয়া উপলব্ধি কৰিব পৰা নাছিল যিটো এক মাৰাত্মক কথা কাৰণ সেয়া অৱগত নোহোৱাৰ বাবে তেওঁলোকে তাক পূৰ কৰিবলৈ চেষ্টা নকৰিলে। অন্য এক পৰীক্ষাত লোক সকলক দুটা গ্ৰুপত ভাগ কৰি এটা গোটক সম্পূৰ্ণ এদিনৰ বাবে টোপনিৰ পৰা বঞ্চিত কৰিলে আৰু অন্য গোটক অত্যধিক মদ খুওৱা হ’ল। দুয়োটা গ্ৰুপকে পিছদিনা পৰীক্ষা কৰাৰ পিছত প্ৰায় একেধৰণৰ লক্ষণ প্ৰকট পোৱা দেখা গল। ইয়াৰ পৰা গম পোৱা গল যে ব্যক্তিৰ টোপনিত ব্যাঘাত হলে মদখোৱা ব্যক্তিৰ দৰে আচৰণ কৰিব পাৰে যিটো এক ভয়ানক উপলব্ধি আছিল।
প্ৰশ্ন উঠিছে যদি প্ৰয়োজনৰ সময়ত আমি কিমান টোপনি ক্ষতি হব দিব পাৰো? স্নায়ুবিজ্ঞানী গ্ৰেগৰী বেলনস্কিৰ (Gregory Belensky) মতে যদিহে আমাৰ কামটো কৰোতে বেছি চিন্তা-চৰ্যা কৰাৰ প্ৰয়োজন নাথাকে তেন্তে আমি কিছু পৰিমানে টোপনি ক্ষতি কৰিব পাৰো। কিন্তু পৰাপক্ষত টোপনি ক্ষতি নকৰাই হিতকৰ হব। অন্যকথাত দৈনিক ৭ ঘণ্টাৰ কম শুলে ই আমাৰ দৈনন্দিন কাম-কাজত গম্ভীৰ প্ৰভাৱ পেলাব।
অন্য এক সততে অহা প্ৰশ্নঃ আমি মাজে মাজে বেছিকৈ শুই হৃত নিদ্ৰা পূৰণ কৰিব পাৰো নে? আমেৰিকাৰ নিদ্ৰা-বিজ্ঞান প্ৰতিষ্ঠানৰ অধ্যক্ষ এম সফৱান বদ্ৰৰ (M Safwan Badr)মতে বহুতে সপ্তাহটো শেষত টোপনি পূৰাবলৈ চেষ্টা কৰে যদিও সেয়া বিশেষ ফলৱতী হোৱা দেখা নাযায়। অন্যকথাত আমাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যত উল্লেখনীয় পৰিবৰ্তন আনিবলৈ ই অসমৰ্থ। সেয়ে আমি প্ৰতিদিনে পৰ্যাপ্ত পৰিমানে শোৱাৰ অভ্যাস গঢ় দিয়াৰ বিকল্প নাই। অন্য এক প্ৰশ্ন যত সোধা হ’ল যে আমি দিনৰ যিকোনো সময়ত ৮ ঘণ্টা শুলেই যথেষ্ট নে, তাৰ উত্তৰত তেখেতে তাকো স্পষ্টকৈ নুই কৰে কাৰণ নিদ্ৰাৰ প্ৰকৃত উপকাৰ সমূহ অসময়ত টোপনি গলে পাব নোৱাৰি ।
নিদ্ৰাত দৰাচলতে কি হয় তাৰ কিছু সম্ভেদ লও আহক। নিদ্ৰা ৪ টা পৰ্যায়ত পূৰণ হয়। তাৰ প্ৰথম তিনিটা পৰ্যায়ক এনৰেম (NREM) আৰু অন্তিম আৰু চতুৰ্থ পৰ্যায়ক ৰেম (REM) নিদ্ৰা বোলা হয় প্ৰথম পৰ্যায়ত আমি চকু বন্ধ কৰি শুবলৈ চেষ্টা কৰোঁ। ই প্ৰায় ৫-১০ মিনিট সময় থাকে। দ্বিতীয় পৰ্যায়ৰ নিদ্ৰা ১০-৬০ মিনিটৰ হয় যিখিনি সময়ত টোপনি অগভীৰ থাকে। তৃতীয় পৰ্যায়ত আমি গভীৰ নিদ্ৰাত সোমাই পৰোঁ। ই ২০-৪০ মিনিট সময় ব্যপ্ত হয়। এই সময়চোৱাত শৰীৰৰ মাংখপেশী শিথিল হয়, উশাহ-নিশাহ গভীৰ হয়, শৰীৰে বৰ্হিজগতৰ সংকেত লবলৈ বন্ধ কৰে। এই সময়খিনি শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজনীয় কাৰণ এই সময়চোৱাতে শৰীৰৰ গুৰুত্বপূৰ্ণ মেৰামতিৰ কাম চলে । এই সময়খিনিতে পিটুইটিৰি গ্ৰন্থিয়ে বৃদ্ধি (growth) হৰ’মন নিঃসৰণ কৰে, লগতে ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা মজবুত হয়। ইয়াৰ পিছত আহে চতুৰ্থ অৱস্থা যত ব্যক্তি ৰেম (REM) নিদ্ৰাত সোমাই পৰে। এই সময়খিনিত ব্যক্তিয়ে সপোন দেখে, বাহ্যিক জগতৰ তথ্যবোৰ মগজুৱে চিজিল লগাই। অৰ্থাৎ যোৱা ২৪ ঘণ্টাৰ তথ্য সমূহ অতীতৰ ঘটনা স্মৃতি সমূহৰ লগত সংলগ্ন হয়। শৰীৰে প্ৰায় ৪-৬ বাৰলৈ ৰেম নিদ্ৰা লাভ কৰে। এই তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ নিদ্ৰাৰ অভাৱত মানুহে সোনকালে জড় অৱস্থা প্ৰাপ্ত কৰে। বয়স বৃদ্ধিৰ লগে লগে নিদ্ৰাৰ এই তৃতীয় আৰু চতুৰ্থ অৱস্থাত শীঘ্ৰে যাব পৰা ক্ষমতাও হ্ৰাস হয়। আনহাতে আমি যদি দেৰিকৈ টোপনি যাও তেন্তে আমি তৃতীয় পৰ্যায়ত অহা গভীৰ নিদ্ৰাৰ সময় পিছুৱাই দিও। ফলত ৰেম (REM) নিদ্ৰাৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। সেয়ে আমি গড় হিচাপে ৮ ঘণ্টা শোৱা উচিত আৰু লগতে একেখিনি সময়তে শুবলৈ যোৱা উচিত। বৰ্তমান সময়ত বহুতো ব্যক্তি যাক ৰাতিৰ ফেঁচাৰ লগত ৰিজোৱা হৈছে তেওঁলোকে দেৰীলৈ কাম কৰি ভাল পায়। এয়া মুঠ জনসংখ্যাৰ ২৫%ৰ মাজত দেখা যায়। কিন্তু যিকোনো পৰিস্থিতিতে ৰাতি ১২ ৰ পলম কৰা অনুচিত নহলে শৰীৰত গুৰুতৰ বিঘিনি ঘটা সম্ভাৱনা। আনহাতে দেহৰ ভিতৰত থকা জৈৱিক ঘড়ীয়ে আমি কেতিয়া খাব লাগে, কেতিয়া শুব লাহে অহৰহ সংকেত প্ৰদান কৰি থাকে। সেয়ে আমি একেটা সময়তে শুবলৈ আৰু ৰাতিপুৱা উঠা অভ্যাস কৰা উচিত। নহলে শৰীৰৰ প্ৰতিটো কোষত অৱস্থিত জৈৱিক ঘড়ী বিপাঙত পৰে আৰু ফলত শৰীৰত ই অথন্তৰ ঘটাব পাৰে।
থোৰতে কবলৈ গ’লে টোপনিক এক বহুত গম্ভীৰ বিষয় হিচাপে লৈ আগবঢ়া প্ৰয়োজন আছে। সুস্বাস্থ্যৰ বাবে ব্যক্তি ভেদে প্ৰত্যেককে ৭-৯ ঘণ্টা টোপনিৰ প্ৰয়োজন আছে। এক ফলপ্ৰসূ টোপনিৰ বাবে আমি নিতৌ একে সময়তে শোৱা আৰু উঠাৰ অভ্যাস কৰা দৰকাৰ। কিন্ত কোনো পৰিস্থিতিতে এই সময় ৰাতি বাৰটাৰ অধিক কৰা উচিত নহয়। আনহাতে বহুদিনৰ ঘাটি হোৱা টোপনি একেবাৰে বেছিকৈ শুই পূৰণ কৰা ব্যৱস্থা বিশেষ ফলৱতী হোৱা দেখা নাযায় বৰঞ্চ ক্ষতিৰ হে সম্ভাৱনা আছে। মুঠতে টোপনিৰ প্ৰয়োজনীয়তাৰ বিষয়ে আমাৰ পৰ্যাপ্ত জ্ঞানৰ প্ৰয়োজন। তাৰ লগে লগে সুনিদ্ৰাৰ নিয়ম সমূহো আমি ভালদৰে জনা দৰকাৰ কাৰণ অকল টোপনি ঠিক কৰিয়ে আমি বহু ৰোগৰ পৰা দূৰত থকাৰ উপৰিও এক সুস্থ সবল জীৱন নিৰ্বাহ কৰিবলৈ আমি সক্ষম হম।
লিখকঃ ডঃ কমল কৃষ্ণ নাথ
বিশেষজ্ঞ চিকিৎসক (সঞ্জীৱন আয়ুৰ্বেদ, ৰঙিয়া)
ফোন নং 9864332499