উদ্বিগ্নতাৰ বিভিন্ন ৰূপ আৰু নিৰাময়ৰ উপায়



কেতিয়াবা আপোনাৰ লগতো এনেকুৱা হব পাৰে যে আপুনি কোনো বেয়া সপোন দেখা পাই ঘপকৈ সাৰ পাই উঠি দেখা পাই যে আপোনাৰ সৰ্বশৰীৰ ঘামি গৈছে। এয়া কোনো বিশেষ অস্বাভাৱিক ঘটনা নহয়। কিন্তু যদি প্ৰায় প্ৰতিদিনে এনেকুৱা হবলৈ লয় তেন্তে তাক স্বাভাৱিক বুলি নিশ্চয়কৈ কব নোৱাৰি। হয়তো ই মনৰ অন্তৰ্ভাগত লুকাই থকা উদ্বিগ্নতা বা উৎকণ্ঠাৰে এক বৰ্হিপ্ৰকাশ। হয়, আমাৰ বহুতৰে বাবে ই প্ৰতিদিনে এৰাব নোৱাৰা অভিজ্ঞতাৰ ৰূপ লয়। উদ্বিগ্নতা, উৎকণ্ঠা, বিমৰ্ষতা আদি প্ৰতিজন মানুহৰ স্বাভাৱিক প্ৰতিক্ৰিয়া যদিও যেতিয়া ই ব্যক্তিৰ প্ৰাত্যহিক জীৱনৰ অংগ হৈ পৰে তেতিয়াই সি জটিল ৰূপ ধাৰণ কৰে।

তেনে এক উদ্বেগজনীত সমস্যা হল ‘ফবিয়া’ (phobia) যত ব্যক্তিৰ কিছুমান বস্তু অথবা অভিজ্ঞতাৰ প্ৰতি অহেতুক ভীতিৰ জন্ম লয়। ‘পোষ্ট ট্ৰ’মেটিক ষ্ট্ৰেছ ডিছ’ৰদাৰ’ চমুকৈ যাক  PTSD বুলিও জনা যায় তেনে এক উদ্বেগজনীত ব্যাধি যত ব্যক্তিৰ অতীত জীৱনত হোৱা কোনো দূৰ্ব্যৱহাৰ, কাজিয়াৰ লগত অনাহক জড়িত হৈ পৰা আদিৰ তিক্ত অভিজ্ঞতাই  সহজে মচিব নোৱাৰা এটুকুৰা ঘাঁ‌ৰ সৃষ্টি কৰে। ইয়ে ব্যক্তিৰ মনত এক অনামী ভয় আৰু ক্ষোভৰ ৰূপ লৈ তেওঁক অহৰহ খেদি ফুৰে। এই সমস্যাত আক্ৰান্ত হলে আপোনাৰ সঘনাই পেনিক এটেকৰ (panic attack) লক্ষণ যেনে হঠাৎ উশাহ-নিশাহত কষ্ট পোৱা, ঘামি যোৱা, হাত-ভৰি কঁ‌পনি উঠা, অণ্ঠ-কণ্ঠ শুকাই যোৱা আদি লক্ষণ প্ৰকট হব পাৰে। অন্য এক উদ্বেগজনীত ব্যাধি হৈছে অৱচেছিভ কম্পালছিভ ডিছ’ৰদাৰ যাক চমুকে OCD বুলিও জনা যায়। এই ৰোগৰ আক্ৰান্ত ব্যক্তিৰ মাজত থকা কিছুমান ভয় তেখেতৰ আসক্তিৰ (obsession)কাৰণ হৈ পৰে। যেনে ধৰক কোনো বস্তু বাৰে বাৰে চুই থকা, একেটা কামকে বাৰে বাৰে কৰি থকা ইত্যাদি। কিছুমানে বাৰে বাৰে দৰ্জা বা তলা খোলা-মেলা কৰি থাকে কাৰণ তেনে নকৰিলে অনতি পলমে তেওঁৰ জীৱনত কোনো বেয়া ঘটনা ঘটিব পাৰে বুলি তেওঁ শংকিত হয়। অলপতে বাতৰি আহিছিল যে আমাৰ অসম মুলুকৰে এজন অধ্যাপকে দিনটোৰ প্ৰায় ৪০-৫০ বাৰ পৰ্যন্ত গা ধুই থাকে কাৰণ তেনে নকৰিলে তেওঁ কোনো মাৰাত্মক বীজাণুৰ দ্বাৰা সংক্ৰামিত হব বুলি এক অজান শংকাই তেওঁৰ মনত বাহ লৈছিল। এয়া মাথো এক লক্ষণ, এনেকুৱা বহু লক্ষণৰ দ্বাৰা ব্যক্তি প্ৰতিদিনে ভাৰাক্ৰান্ত হয়। ফলত তেওঁ ‘ফ্লাইট আৰু ফাইট (flight and fight) ম’ডত সোমাই পৰে যত তেওঁৰ জীৱনৰ প্ৰতিটো খোজেই বা সৰু-বৰ সকলো ঘটনাই বহু ডাঙৰ প্ৰত্যাহ্বান হিচাপে তেওঁৰ সন্মুখত ঠিয় দিয়ে। এনেদৰে তেওঁৰ মনৰ শান্তি এক ক্ৰমান্বয়ে হ্ৰাস পাই।

উদ্বিগ্নতা শৰীৰ আৰু মনৰ পৰা জন্ম হোৱা এক সমস্যা। আপোনাৰ জীৱনত ঘটা বেয়া আৰু ভয়ংকৰ ঘটনাবোৰে যদি খাওঁতে-বহোঁ‌তে সকলো সময়তে আমনি দি থাকে নতুবা অনাগত দিনত ঘটিব পৰা সাম্ভব্য কোনো দুৰ্ঘটনাৰ বিষয়ে অনাহক ভীতিবিহ্বল হয় তেন্তে আপুনি উদ্বিগ্নতা আৰু মানসিক অস্থিৰতাত ভোগাটো নিশ্চিত। যেনে ধৰা হল অহাকালি আপোনাৰ কোনো এক পৰীক্ষা আছে। ভালদৰে পঢ়া শুনাৰ পিছতো আপোনাৰ মনলৈ এনেকুৱা ভাৱ আহিল যে আপুনি উত্তীৰ্ণ হব নোৱাৰিব, ভাল চাকৰি লাভ কৰিব নোৱাৰিব, অন্য মানুহবোৰে আপোনাক হেয় জ্ঞান কৰিব ইত্যাদি তেন্তে সেয়া নিশ্চয়কে উদ্বিগ্নতাৰ গম্ভীৰ লক্ষণ। আনহাতে যিসকল ব্যক্তিৰ এবাৰ পেনিক এটেকৰ অভিজ্ঞতা হয় তেওঁলোকৰ বহুতে অনবৰত তেনেকুৱা এক এটেক আহিব পাৰি বুলি দুৰ্ভাৱনাত ভোগে।

এনেকুৱা উদ্বেগজনীত সমস্যাই যদি আপোনাক ভাৰাক্ৰান্ত কৰিছে ভয় নাখাব। সুস্থ মগজুৰে সমস্যাটোৰ কাৰণটো বুজিবলৈ চেষ্টা কৰক। মূল সমস্যাটো যেতিয়া ভালদৰে বোধগম্য হব তেতিয়া মনলৈ এক প্ৰবোধ দিব চেষ্টা কৰক যে এই সমস্যাটো বৰ এটা ডাঙৰ সমস্যা নহয়। ইয়াক পৰাভূত কৰি শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ-সবল জীৱন কটাবলৈ আপুনি সক্ষম। এই ভাৱনাই আপোনাক লগে লগে মনলৈ এক সাহস আৰু শক্তি প্ৰদান কৰিব। কিন্তু তাৰ মাজতে হঠাৎ কোনো দুচিন্তা আহিলে লগে লগে আপোনাৰ উশাহ-নিশাহৰ গতি মন্থৰ কৰি মনটো তাত কেন্দ্ৰীভূত কৰিবলৈ চেষ্টা কৰক। উশাহটো লওতে ১ ৰ পৰা ৮ লৈ গন্তি কৰি পুনৰ কিছুসময় ৰৈ ৯ পৰা ১৬ লৈ গন্তি কৰি লাহে লাগে নিশাহটো এৰি দিয়ক। কিছুসময় এই ব্যায়ামটো কৰাৰ পিছত আপুনি দেখিব যে আপোনাৰ উদ্বিগ্নতা ভালে খিনি হ্ৰাস পাইছে। দিনটোত দুবাৰ এই ব্যায়ামটো অন্তত ৫ মিনিটৰ বাবে কৰিব চেষ্টা কৰক। কিছুদিন পালন কৰাৰ পিছত তাৰ সুফল আপুনি নিশ্চয়কে দেখা আৰম্ভ কৰিব। আমাৰ আধুনিক জীৱনৰ পৰিহাস এয়া যে আমি প্ৰতি মুহূৰ্তত অন্যৰ লগত বিভিন্ন ধৰণে সংযোগ হৈ থাকোঁ‌। বিশেষকৈ মোবাইলত অহা বিভিন্ন বা-বাতৰি, মেছেজ, নটিফিকেচন আৰু ফোন ক’লে আমাক প্ৰতি মুহূৰ্তে ব্যতিব্যস্ত কৰি ৰাখে। ফলত নিজৰ লগত কটাবলৈ আমি খূৱ সময় পাওঁ‌। তাক প্ৰতিহত কৰিবলৈ প্ৰতিটো কামৰ বাবে নিৰ্দিষ্ট এক সময় ৰাখিব পাৰে। যেনে ই-মেইল বা মেছেজৰ উত্তৰ দিয়া এক সময়। ছ’চিয়েল মিডিয়াৰ বাবে এক সময়। পৰাপক্ষত এই সময়খিনিত অন্য কাম কৰিব চেষ্টা নকৰিব আৰু এই সময়কণৰ বাহিৰত তাক কৰিবলৈও চেষ্টা নকৰিব। তাৰ অৰ্থ এয়াই যে সকলো সময়তে নিজকে উপলব্ধ নৰখা। ইয়ে আপোনাক কিছুমান বিক্ষিপ্ত চিন্তাৰ পৰা আতৰাই ৰাখি মনটোক গভীৰ আৰু শক্তিশালী কৰিব।

মানসিক সমস্যা সমূহ এই বাবেই জটিল যে আপোনাৰ অতি নিকট সম্বন্ধীয় লোকও তাক বহুসময়ত বুজি পাবলৈ সক্ষম নহয় বা বহুক্ষেত্ৰত বুজিবলৈ চেষ্টা নকৰে। এইক্ষেত্ৰত আপুনি আপোনাৰ উদ্বিগ্নতাৰ লগত জড়িত কঠিন অনুভৱবোৰ লিপিবদ্ধ কৰি আপোনাক সহায় কৰিব পৰা কোনো বিজ্ঞ ব্যক্তিক দেখুৱাব পাৰে। অথবা কোনো ব্যক্তিক নেদেখুৱালেও এই চিন্তাবোৰ কিমান সঘনাই আপোনাৰ মনত ভূমুকি মাৰে তাৰ সম্যক ধাৰণা দিব। ই আপোনাৰ সমস্যাটো ভালদৰে বুজাতো সহায় কৰিব। এনে অৱস্থাত তাক মষিমুৰ কৰিবলৈ এক আচনি তৈয়াৰ কৰিব পাৰে। এইক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে কোনো অভিজ্ঞ মনোবিজ্ঞানী,  পৰামৰ্শদাতা অথবা মনোৰোগ চিকিৎসকৰ সহায় লব পাৰে। তেওঁলোক যিহেতু এই বিযয়ে অভিজ্ঞ সেয়ে আপোনাক নিশ্চয়কে সহায় কৰিব পাৰে। বহুক্ষেত্ৰত আপুনি ভৱা ধৰণ ফলাফল লাভ নকৰিলেও হতাশ নহব। তাক এক স্বাভাৱিক প্ৰক্ৰিয়া হিচাপে গণ্য কৰি নিজকে উৎসাহ যোগাই থাকিব নাপাহৰিব। আয়ুৰ্বেদ শাস্ত্ৰতো উদ্বিগ্নতাৰ বিষতে উল্লেখ আছে যত ৰ’জ আৰু তমো গুণৰ আধিক্যৰ বাবে ভীতিবিহ্বলতা, উদ্বিগ্নতা, উন্মাদ আদি বিভিন্ন মানসিক সমস্যাৰ উদ্ভৱ কিদৰে হয় তাৰ বৰ্ণনা কৰা হৈছে। এইক্ষেত্ৰত সত্ত্ব গুণ বৃদ্ধি কৰি আৰু তাৰ লগে লগে যোগ, ধ্যান, প্ৰাণায়াম, সঠিক আহাৰ আৰু বিহাৰৰ দ্বাৰা ভালেখিনি সমস্যাৰ পৰা মুক্তি পাব পাৰে। তাৰ লগে লগে কোনো অভিজ্ঞ আয়ুৰ্বেদ চিকিৎসকৰ সহায় ললে ভাল হব। মুঠতে সৰু-বৰ যিকোনো মানসিক সমস্যাৰ উদ্ভৱ হলে ভয় নাখায় উপযুক্ত দৃষ্টিভংগী আৰু অভিজ্ঞ পৰামৰ্শদাতাৰ সহায় লোৱা উচিত। এটা কথা মনত ৰখা দৰকাৰ যে সমস্যা যিমানেই গম্ভীৰ নহওক কিয় প্ৰতিটো সমস্যাৰে নিশ্চয় এক সমাধান আছে। প্ৰয়োজন মাথোঁ পৰ্যাপ্ত আত্মবিশ্বাস আৰু এক ইতিবাচক মানসিকতা।

লিখকঃ ডাঃ কমল কৃষ্ণ নাথ
বিশেষজ্ঞ চিকিৎসক (সঞ্জীৱন আয়ুৰ্বেদ, ৰঙিয়া)
ফোন নং 9864332499

Leave a Reply

Your email address will not be published. Required fields are marked *