ফিটনেছ গঢ়াৰ বাধক সমূহ কি দৰে আঁ‌তৰাব



    (এই অধ্যায়টো আগৰ অধ্যায় ” ফিটনেছ কি দৰে গঢ় দিব” ৰ পৰবৰ্তী লিখনি। আগ্ৰহী পাঠকসকলে আগৰ অধ্যায়টো চাব পাৰে।)

          নিজকে ফিট অনুভৱ কৰাৰ দৰে আত্মবিশ্বাস দিব পৰা অনুভৱ দ্বিতীয়টো নাই বুলিব পাৰি। নিয়মিত ব্যায়াম কৰাৰ বাদে ফিটনেছ গঢ়াৰ কোনো চমু পথ নাই, এই কথাটো আমি প্ৰত্যেকে জনাৰ পিছতো আমি বহুতে হোঁ‌হঁ‌কা-পিছলা কৰি থাকো। সেয়ে ফিটনেছ গঢ়াৰ বাধক সমূহ চিনাক্ত কৰিব পৰিলে তাৰ নিৰাময়ৰ ব্যৱস্থা কৰিব বুলি আশা কৰিব পাৰি। তলত এই বাধক সমূহৰ লগতে তাৰ নিৰাময়ৰ বিষয়ে কিছু আলোচনা কৰা হৈছে।

১) সময়ৰ অভাৱ : তলত দিয়া ধৰণে সময় উলিয়াই লব পাৰি।

     # সুবিধা পালেই খোজ কাঢ়িব নাপাহৰিব। দৈনিক অন্তত ৩০ মিনিটৰ খোজ কঢ়া স্বাস্থ্য ৰক্ষাৰ বাবে অতীৱ প্ৰয়োজনীয়।

    # ৰাতিপুৱা অকমান আগতে উঠি ব্যায়ামৰ বাবে সময় উলিয়াই লওক।
    
    # গাড়ীৰ/ ৰিক্সাৰ ব্যৱহাৰ কমায় খোজ কঢ়াত গুৰুত্ব দিয়ক।
     
    # বন্ধৰ দিনত ফুৰাৰ কাৰ্য্যসূচীত শাৰীৰিক কৰ্ম যেনে পাহাৰ বগোৱা, চাইকেল চলোৱা আদি কাৰ্যসূচী অন্তৰ্ভুক্ত কৰক।

২) ব্যায়াম আমনিদায়ক যেন অনুভূত হ’লে :  একে ধৰণৰ কাৰ্যসূচী স্বাভাৱিকতে আমনিদায়ক হব পাৰে। তেনেহলে কি কৰিব!

      # যি কৰ্মই আপোনাক ফূৰ্ত্তি দিয়ে সেয়া নিৰ্বাচন কৰক।

       # দৈনিন্দিন ৰুটিনখন অলপ সালসলনি কৰিব পাৰে।

        # মনে মিলা বন্ধু-বান্ধৱৰ লগত গোট গঠন কৰক যাতে ইজনে সিজনৰ প্ৰেৰণা হব পাৰে।

৩) হীনমন্যতাত ভুগিলে : কোনোবা সময়ত আপুনি আত্মবিশ্বাসৰ অভাৱত ভোগাটো অস্বাভাৱিক নহয়।  সেই সময়ত অন্য কথা পাহৰি নিজৰ কৰ্মত প্ৰৱিষ্ট হওক, দেখিব হীনমন্যতাৰ ভাৱ নিজে নিজে আতৰি গৈছে।

৪) ব্যায়ামৰ বাবে শক্তিৰ অভাৱ : হয়, কথাটো কিজানি মিছা নহয়। কিন্তু এইটো জনা উচিত যে ব্যায়াম নকৰিলে শৰীৰত আপুনি লাগতিয়াল শক্তি লাভ নকৰিব অৰ্থাৎ ফিট অনুভৱ নকৰিব। এটা আনটোৰ পৰিপূৰক। গতিকে অকমান চেষ্টা নিশ্চয়কৈ কৰিব লাগিব। লাহে লাহে আপোনাৰ শক্তিৰ মাত্ৰা যে বৃদ্ধি পাব ই ধূৰুপ।

৫) নিজকে এলেহুৱা অনুভৱ কৰিলে : তলত দিয়া ধৰণে চেষ্টা কৰি চাব পাৰে।

     # আপোনাৰ প্ৰত্যাশাৰ পৰিমাণ বাস্তৱিক কৰক, কাৰণ বহুত বেছি আকাংক্ষাই আপোনাক নিৰাশ কৰিব পাৰে।

     # যিটো সময়ত আপোনাৰ শক্তিৰ পৰিমাণ উচ্চ থাকে সেইখিনি সময়ৰ উচিত প্ৰয়োগ কৰক।

    # অন্য গুৰুত্বপূৰ্ণ কাৰ্য্যৰ দৰে ব্যায়ামৰ কাৰ্যসূচীকো সমানেই গুৰুত্বপূৰ্ণ বুলি গণ্য কৰক।

৬) নিজকে খেলুৱৈ বা এথলেট বুলি নভৱা : কিছুমান ব্যক্তি জন্মগতভাৱে খেলুৱৈ হৈ আহে। কিন্তু অন্যৰ যে ফিট হোৱা অধিকাৰ নাই তেনে নহয়। আপুনি বহুদিন ধৰি সক্ৰিয় নহলেও আকৌ আৰম্ভ কৰাৰ সময় উকলি গৈছে ভবা উচিত নহয়।

৭) কেতিয়াও সফল নহব বুলি ভাৱ লোৱা: আপোনাৰ আগৰ ভুলবোৰ মূল্যাঙ্কন কৰক আৰু সেই ভুলবোৰৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ চেষ্টা কৰক। হাৰ মানি নাযাব। দুৰ্বল মুহূৰ্তত ব্যায়ামৰ লাভালাভবোৰৰ কথা মনলৈ অনিব।

৮) আপুনি ব্যায়ামগাৰৰ মাচুল দিবলৈ অক্ষম হলে : বিকল্প ব্যৱস্থা সমূহৰ কথা মনলৈ আনিব। ঘৰতে কম খৰচী সজুলি সমূহ গোটাই লৈ আৰম্ভ কৰিব পাৰে। খোজ কঢ়া, দৌৰা, সাতোৰা, উচ্চতালৈ বগোৱা আদি কম খৰচী ব্যৱস্থা বোৰ নাপাহৰিব। এইবোৰে সমানেই আপোনাক সুস্থ ৰাখিবলৈ সক্ষম। পোন প্ৰথমে কম খৰচী কেন্দ্ৰ সমূহ চেষ্টা কৰি পিছত সক্ষম হলে ব্যয়বহুল কেন্দ্ৰ সমূহৰ কথা ভাৱিব পাৰে।

৯) আঘাতপ্ৰাপ্তৰ ভয় কৰিলে : লাহে লাহে আৰম্ভ কৰক। কঠিন ব্যায়াম কৰাৰ আগতে শৰীৰৰ জঠৰতা ভাঙি লওক। সামৰ্থ্য অনুসৰি নিজৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰক। কোনো অভিজ্ঞ প্ৰশিক্ষকৰ অধীনত কাৰ্যসূচী তৈয়াৰ কৰিলে সবাতোকৈ ভাল।

১০) ঘৰৰ মানুহে আপোনাৰ চেষ্টা সমৰ্থন নকৰিলে : তেওঁলোকক আন্তৰিকতাৰে বুজাব চেষ্টা কৰিব আৰু পাৰে যদি কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিব। পোন প্ৰথমে তেওঁলোকে ভাল পোৱা কাৰ্যসূচীৰে আৰম্ভ কৰক। ভাল দৰে বুজালে এটা সময়ত বুজিব বুলি আশা কৰিব পাৰি।

      এই দেহটো আপোনাৰ আৰু ইয়াক সুস্থকৈ ৰখা দায়িত্বও আপোনাৰ। এই খিনি কথা যদি হৃদয়ংগম কৰিব পাৰিলে প্ৰত্যেকে এজন সুস্থ সবল ব্যক্তি হিচাপে সমাজত মূৰ দাঙি ঠিয় দি থাকিব সক্ষম হব।

1 thought on “ফিটনেছ গঢ়াৰ বাধক সমূহ কি দৰে আঁ‌তৰাব”

  1. Rituparna Saema says:

    Very nice subject and usefull for every one

Leave a Reply

Your email address will not be published. Required fields are marked *