চিত্তবিক্ষেপক (distraction) পৰাভূত কৰি দক্ষতাক (efficiency) আদৰি লওক



       সাধাৰণতে দেখা যায় আমি ভাবি থকা কামবোৰ সময়মতে হৈ নুঠে। কোনো গুৰুত্বপূৰ্ণ কামত মনোনিৱেশ কৰিব খুজিও অন্য কিছুমান অগুৰুত্বপূৰ্ণ কিন্তু স্বাদযুক্ত কামত নিমগ্ন হৈ যাও। যেনে ধৰক আপুনি গুগ্গ’লত কোনো গুৰুত্বপূৰ্ণ তথ্য বিচাৰিব লৈছে, কিন্তু দেখা গ’ল গুগ্গ’ল খোলোতে কোনো চপিং ৱেবচাইট নতুবা নিউজ পৰ্টেলত জড়িত হৈ সময়টো কিদৰে পাৰ কৰিলে গমকেই নাপালে। বেছিভাগ ক্ষেত্ৰতে  আধুনিক গেজেট যেনে মোৱাইল ফোন, লেপট’প আদিক দোষাৰোপ কৰা যায় যদিও কথাটো ইমান সৰলীকৰণ কৰিব নোৱাৰি। কাৰণ অধ্যয়ণত দেখা গৈছে যে তেনেকুৱা আধুনিক যন্ত্ৰ-পাতি, গেজেট নাথাকিলেও তেওঁলোকে একেধৰণে আচৰণ কৰিব, মাত্ৰ তাৰ ধৰণ-কৰণ সমূহৰ কিছু পৰিবৰ্তন দেখা পাব পাৰে।

   প্ৰথমে জনা দৰ্কাৰ যে আমাৰ মগজুটোৱে ভাল নলগা কামবোৰ পিছুৱাই ৰাখি ভাল পায়। যাক হোঁ‌হঁ‌কাপিছলা (procrastination) নীতি বুলিব পাৰি। মগজুৱে ইয়াৰ বাবে বিভিন্ন অজুহাত বিচাৰি লয়। বাহ্যিক অজুহাতবোৰ যেনে নটিফিকেচ’ন, ই-মেইল আদিৰ পৰা আহে, কিন্তু ইয়াৰ আভ্যন্তৰীণ কাৰণ সমূহ মনৰ ভিতৰৰ অতল গহ্বৰত পঞ্জীভূত হৈ থাকে যি কোনো  বাহ্যিক খোৰাকৰ সংস্পৰ্শত উদ্গিৰণ হয়।

      ধৰা হল আপুনি এটা কাম কৰি আছিল। এনেতে মনটোত আমনি ভাৱ এটি খুন্দা মৰাৰ লগে লগে মনটো ভাল লগাবৰ বাবে ফেইচবুক খুলি ললে। এয়া হৈছে এক ড’পামিন এফেক্ট। ফেইচবুকে দিয়া সাময়িক উত্তেজনাৰ লোভ। এইটো এক জটিল সমস্যা যাক কোনো পধ্যেই সৰলীকৃত কৰিব নোৱাৰি। ইয়াৰ বাবে আমি জনা দৰকাৰ যে আমাৰ অৱচেতন মনত লুকাই থকা বিভিন্ন ধ্যান ধাৰণা আৰু সংস্কাৰে আমাৰ কৰ্মপন্থা আৰু লক্ষ্য নিৰ্ধাৰণ কৰে। সেয়ে আপুনি মনে বিচাৰিলেও চিত্ত বিক্ষেপক পৰাভূত কৰাটো সম্ভৱপৰ নহয়গৈ। ফলত আমাৰ প্ৰয়োজনীয় কামবোৰ সম্পূৰ্ণ নহয়গৈ।এইক্ষেত্ৰত মনৰ জোৰ বোলা কথাসাৰ প্ৰয়োগ কৰা বাস্তৱ ক্ষেত্ৰত সহজ হৈ নুঠে।

       কিন্তু আমি হাৰ মনাটো উচিত হব জানো! তাৰ বাবে আমি এনেকুৱা কিছুমান পদ্ধতিৰ সহায় লব লাগিব যিয়ে অৱচেতন মনৰ দূৰ্বলতাখিনিক আমাৰ মাজৰ পৰা উলিয়াই লৈ আনি আমাক এখন সৃষ্টিশীল পৃথিৱীলৈ লৈ আনে। ইয়াৰ প্ৰথম খোজত আপুনি নিজৰ মাজত হৈ থকা উত্তেজক খোৰাকবোৰৰ খতিয়ান লোৱাৰ আৱশ্যক হৈ পৰে। যেতিয়াই এই খোৰাক সমূহে আমনি কৰিব সেই মুহূৰ্ততে তাক লিপিবদ্ধ কৰা আৰম্ভ কৰক। ইয়াৰ ফলত আমাৰ মনত কিনো ভাৱনাই ক্ৰিয়া কৰি আছে তাৰ এক থূলমূল আভাষ পাবলৈ সক্ষম হম। মনৰ মাজৰ খং, অভিমান, ইৰ্ষা, প্ৰেম, ভাল লগা, আশ্চৰ্য, অনুসন্ধিৎসু  ইত্যাদি সকলো। ইয়ে আপোনাক নিজকে বুজিবলৈ এক পথ প্ৰদৰ্শন কৰিব। আপুনি নিজকে যিমান বুজিবলৈ চেষ্টা কৰিবলৈ সিমানেই প্ৰকৃত আনন্দ আৰু সফলতাৰ ওচৰ চাপি যাব। দৰাচলতে এয়া মাইণ্ডফুলনেছ জীৱন পদ্ধতিৰে এক অংশ যত জ্ঞাতসাৰে আমাৰ মাজত সচেতনতাক উৎসাহিত কৰা হয়। ইয়াৰ মূল ভাৱটো হৈছে প্ৰতিক্ৰিয়াশীল ভাৱনাক নিৰুৎসাহিত কৰি সজ্ঞানশীলতাক আমাৰ জীৱনত অগ্ৰাধিকাৰ দিয়া। ইয়াৰ বাবে প্ৰয়োজন আমাৰ ভিতৰৰ প্ৰকৃত মানুহজনক দাঙি ধৰা যাতে আমাৰ চাৰিওপিনে আৱৰি থকা আসোঁৱাহপূৰ্ণ আৱৰণ খন ক্ৰমান্বয়ে হ্ৰাস কৰি আনিব পাৰো।

        এইখিনি কৰিব যাওতে নিজৰ বিষয়ে নিৰুৎসাহ জনক কিবা দেখা পালে এজন ভাল বন্ধুক বুজোৱাৰ দৰে বুজাওক। ইয়াৰ ফলত আপোনাৰ এক মৈত্ৰী আৰু সমমৰ্মিতাৰ ভাৱ জাগ্ৰত হব। নিজৰ লগতে আনৰ প্ৰতিও। সেই উদাৰমতি ভাৱনাই আপোনাক প্ৰতিটো সময় অথলে যোৱাৰ পৰা সাৱধানবাণী প্ৰৰণ কৰিব। লগতে সোঁ‌ৱৰাই থাকিব মহিমামণ্ডিত জীৱনৰ অৰ্থ।

Leave a Reply

Your email address will not be published. Required fields are marked *