এটি সুন্দৰ টোপনি বিচাৰে যদি ধ্যান দিয়ক এই চাৰিবিধ কথা



এটি সুন্দৰ টোপনিৰ প্ৰয়োজনীয়তাৰ বিষয়ে আৰু নতুনকৈ কব লগীয়া নাই। অনিদ্ৰা বা নিদ্ৰাজনিত সমস্যাই আমাৰ বহুতোকে অৰ্থৱহ এক সুস্বাস্থ্যবান জীৱন নিৰ্বাহত বাধা প্ৰদান কৰি আহিছে। নিদ্ৰাৰ যথাযথ স্বাস্থ্যবিধি আৰু অভ্যাস গঢ় দিয়াৰ পিছতো যেতিয়া এক সুখপ্ৰদ নিদ্ৰাৰ বাবে সংগ্ৰাম কৰিব লগীয়া হয় তেতিয়াই বুজা যায় সমস্যাৰ গুৰি আন কৰবাত। আজি মাথো সুনিদ্ৰাৰ সৈতে জড়িত চাৰিবিধ গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰিব বিচাৰিছো।

১) বন্ধৰ দিনত অধিক শুই নিদ্ৰা পূৰণ কৰিবৰ চেষ্টা কৰাঃ


হয়, আমি বহুতেই  এই অতিৰিক্ত টোপনিৰে আমাৰ আধৰুৱা টোপনি পূৰণ কৰিবলৈ চেষ্টা কৰো যদিও বৈজ্ঞানিক গৱেষণাই ইয়াৰ উপকাৰিতা প্ৰমাণ কৰিব পৰা নাই। ইয়ে মনটোক কিছু আশ্বস্ত কৰিবলৈ চেষ্টা কৰে যদিও এই উপৰঞ্চি টোপনিয়ে আমাৰ জৈৱিক ঘড়ীৰ তাৰতম্য ঘটাই ক্ষতি কৰাৰ সম্ভাৱনাহে বেছি।

২) সহজে টোপনিত প্ৰবৃত্ত নোহোৱাঃ


 টোপনিৰ বাবে সাজু হোৱাৰ পৰা প্ৰবৃত্ত হোৱালৈ সময় খিনি  বৈজ্ঞানিক ভাষাত বিলম্বিত সময় (latency period) বুলি কোৱা হয়। এই সময় যিমানেই দীঘলীয়া হব সিমানেই টোপনি গভীৰ হোৱাৰ সম্ভাৱনা কমি যাব। আনহাতে অতি হ্ৰস্ব হলেও আমাক বিপদত পেলাব পাৰে (যেতিয়াই তেতিয়াই টোপনিয়ে আগুৰি ধৰি)। শুনিলে আচৰিত হব এই সমস্যাতো এক সাধাৰণ নিয়ম পালন কৰিয়ে ঠিক কৰিব পাৰি। সেয়া হৈছে সদায় একেটা সময়তে শুই উঠাৰ অভ্যাস তৈয়াৰ কৰি। কেতিয়াবা কোনো সমস্যাৰ বাবে শোৱাত পলম হলেও এই নিয়মৰ তাৰতম্য হব নেলাগিব। শুনাত সহজ হ’লেও এয়া এক যথেষ্ট কঠিন প্ৰত্যাহ্বান। তাৰ বাবে আমাৰ মাজত গঢ় লোৱা কিছুমান ভুল অৱধাৰণাক শুধৰাই লোৱাৰ প্ৰয়োজন হব। যেনে ধৰক আমাৰ বহুতেই ভাবে যে বেছি সময় শুলে গাটো বেছি ভাল লাগিব।  কিন্তু মনত ৰখা প্ৰয়োজন আমাৰ দেহত টোপনিৰ পৰিমাণতকৈও গুণমান বেছি প্ৰয়োজনীয়। বহুতেই আকৌ ৰাতিপুৱা অকণমান বেছিকৈ শুই পোৱা সুখখিনিৰ পৰা নিজকে বঞ্চিত কৰিব নোখোজে। কিন্তু পাহৰি যায় যে এই অতিৰিক্ত টোপনিয়ে আমাৰ দৈনিন্দিন ৰুটিনখন মানি চলাত ব্যাঘাত জন্মাই আছে।

৩) সময়ৰ আগতে টোপনি যাবলৈ চেষ্টা কৰাঃ


পিছদিনা কিবা গুৰুত্বপূৰ্ণ কাম থাকিলে আগদিনা সময়তকৈ আগতে শুই নিজকে প্ৰস্তুত হবলৈ চেষ্টা কৰা দেখা যায় যিটো ফলৱতী হোৱা দেখা নাযায়। বহু সময়ত টোপনি নহা বাবে বিচনাত চটফটাই থাকিব লগা হয়। ইয়ে দুটা সমস্যা প্ৰধানকৈ সৃষ্টি কৰিব পাৰে। প্ৰথম নিদ্ৰাজনীত উদ্বেগ আৰু দ্বিতীয় নিদ্ৰা অনুকূলশীলতাৰ (adaptation) সালসলনি। প্ৰথমবিধ ঘাইকৈ টোপনি নহা বাবে অহা দুচিন্তা আৰু দ্বিতীয় বিধ ৰুটিনৰ তাৰতম্যই সৃষ্টি কৰে। এই সমস্যা সমাধানৰ বাবে প্ৰথমে আমি এটা কথা মনত ৰখা দৰকাৰ যে টোপনি নহাকৈ বিচনাত পৰি থকা আৰু সাৰে থকাৰ মাজত বিশেষ পাৰ্থক্য নাই। সেয়েহে টোপনিৰ ভাৱ নাহিলে শুৱলৈ বিচনালৈ যোৱা অনুচিত। দ্বিতীয়তে এটা কথা জনা দৰকাৰী যে ভাগৰ লগা আৰু টোপনিৰ ভাৱ অহাৰ মাজত বহুতো অন্তৰ আছে। কোনো কঠিন কাম কৰাৰ পিছত ভাগৰ লাগে কিন্তু টোপনি নাহিবও পাৰে। সেয়েহে দুয়োটাৰ মাজত পাৰ্থক্য বুজিব খুজিলে নিজৰ চকুৰ পতালৈ মন কৰিব। টোপনি আহিলে চকুৰ পতা নিজে নিজে জাপ খায় আহে কিন্তু ভাগৰ লাগিলে নাহিবও পাৰে।

৪) এটি সুন্দৰ টোপনিৰ বাবে নিজকে প্ৰস্তুত নকৰাঃ


দিনটোৰ অতি ব্যস্ততা আৰু গতিশীলতাৰ শেষত আপুনি হঠাৎ অনুভৱ কৰিলে যে আপোনাৰ মনটো এতিয়াও বিভিন্ন চিন্তাৰে ভাৰাক্ৰান্ত হৈ আছে যিয়ে আপোনাক টোপনি অহাত বাধাৰ সৃষ্টি কৰিছে। তাৰ অৰ্থ এইটোৱে যে আপুনি আপোনাৰ চিন্তাক্লিষ্ট মনটো সামৰিব পৰা নাই অথবা চিন্তাৰ গতিবেগ কমাবলৈ চেষ্টা কৰা নাই। কথাটো এনেধৰণৰ যে যিমানেই আপুনি দিনটো জটিল কামত ব্যস্ত  থাকিব সিমানেই টোপনি অহা সময় বৃদ্ধি হব। তাৰ বাবে প্ৰয়োজন হব পৰ্যায় ক্ৰমে দিনটোৰ কাম কাজ সমূহ শিথিল কৰি অনা। যিমানেই মগজুটোক চিন্তাশূণ্য কৰি আনিব সিমানে আপোনাৰ টোপনি গভীৰ আৰু সহজে অহাৰ সম্ভাৱনা বৃদ্ধি হব। আপুনি নিয়ম বান্ধি লব পাৰে যে শোৱলৈ যোৱাৰ অন্তত ১ ঘণ্টা আগৰ পৰা মস্তিষ্কত হেচা পৰিব পৰা কোনো জটিল কামত ব্ৰতী নহয়। ইয়াতে খবৰ কাকত পঢ়া বা ছ’চিয়েল মিডিয়াকো অন্তৰ্গত কৰিব পাৰি কাৰণ তাত থকা খবৰ-বাতৰিয়ে কোনো সমস্যাক কঢ়িয়াই আনি আপোনাৰ মনটোক প্ৰৱিষ্ট পাৰে। কিন্তু মনঃপূত কোনো বিষয় বা উপন্যাস পঢ়াত বিশেষ বাধা নাই কাৰণ ই মগজুক জাগ্ৰত নকৰে। বহুতে মগজুটোক শান্ত কৰিবলৈ ধ্যান-আসনৰ সহায় লয় যিটো আদৰণীয়।আপোনাৰ প্ৰিয় সুমধুৰ সঙ্গীতো মৃদু স্বৰত বজাব পাৰে। কিছুমান হবি যিয়ে আপোনাৰ মনটোক আনন্দ প্ৰদান কৰে তেনেকুৱা মনপচন্দ ৰুচিত ব্যস্ত হব পাৰে। মাথো মনত ৰাখিব ই যেন কোনো সমস্যাপ্ৰধান বা উদ্বেগদায়ক নহয়।

      সৰ্বশেষত এটা কথা কব পাৰি যে এটা গভীৰ প্ৰশান্তিদায়ক টোপনিয়ে অকল সুস্বাস্থ্যই নহয় জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সফলতা কঢ়িয়াই অনাত প্ৰভূত সহায় কৰে। সেয়েহে আমি প্ৰত্যেকেই এই দিশত পৰ্যাপ্ত মনযোগ দিয়া উচিত।

Leave a Reply

Your email address will not be published.