শাৰীৰিক সক্ষমতা সফলতাৰ প্ৰথম খোজ (আহকচোন ফিটনেছৰ বিষয়ে অক’মান জানোঁ‌)



        ফিটনেছ বুলিলে শাৰীৰিক সক্ষমতাৰ লগতে মানসিক আৰু আৱেগিক সক্ষমতাকো বুজা যায়। ই স্বাস্থ্যৰ প্ৰতিটো দিশ সামৰে য’ত ব্যক্তি এক সুস্থিৰ আৰু প্ৰাণৱন্ত জীৱন নিৰ্বাহ কৰে, উৎসাহ আৰু যোগাত্মক দৃষ্টিভংগীৰে জীৱনৰ খলা-বমাবোৰৰ সন্মুখীন হোৱাৰ সাহস গোটাব পাৰে। এক কথাত ফিটনেছ হৈছে স্বাস্থ্যকৰ জীৱন নিৰ্বাহ শৈলী।

     বৰ্তমান ফিটনেছক লৈ গোটেই বিশ্বতে এক সচেতনতাৰ বতাহ বলিছে। এক কথাত কবলৈ গ’লে মানুহৰ মন মগজুত ই ভালদৰেই সোমাই পৰিছে। তাৰ খোৰাক জগাবলৈ চহৰে নগৰে বিভিন্ন ফিটনেছ ক্লাব,জিম,যোগৰ অনুস্থান-প্ৰতিষ্ঠান আৰু লগে লগে অ’নলাইন ফিটনেছ ৱেবছাইট সমূহো গঢ় লৈ উঠিছে। কিন্তু বহুত ক্ষেত্ৰত ঘৰ আৰু আমাৰ পাৰিপাৰ্শ্বিক পৰিবেশতেই ফিটনেছৰ প্ৰথম খোজ দিয়াটো সম্ভৱ। তাৰ বাবে প্ৰয়োজন কিছু সাধাৰণ জ্ঞান আৰু অলপ উৎসাহ। প্ৰথমে আমি ফিটনেছৰ বাবে ব্যায়াম কিয় অপৰিহাৰ্য তাৰ বুজ ল’ও আহক।
    
      ব্যায়াম হৈছে এক শাৰীৰিক কছৰৎ যাক প্ৰণালীবদ্ধ ভাৱে অনুশীলন কৰা যায়।ব্যায়াম মূলতঃ চাৰিধৰণৰ।

১) সহনশীল (endurance) : বায়ৱিক (aerobic) ব্যায়ামে হৃদপিণ্ডৰ কাৰ্য বৃদ্ধি কৰে, ফলত নাড়ী আৰু উশাহ নিশাহৰ গতি ঘন হয়। ব্যাক্তিৰ কষ্টসহিষ্ণুতা বৃদ্ধি হয়। এনেধৰণৰ ব্যায়াম তলত উল্লেখ কৰা হল।

     # দৌৰা বা জোৰেৰে খোজ কঢ়া, জঁ‌পিৱা ইত্যাদি ব্যায়াম
    # শাৰীৰিক কচৰৎ নিৰ্ভৰ নৃত্যৰ অনুশীলন কৰা
    # কঠিন কামত লিপ্ত হোৱা

2) শক্তি (strength) : মাংসপেশীৰ শক্তি বৃদ্ধি কৰা ব্যায়াম সমূহ এই শ্ৰেণীত পৰে। এনেধৰণৰ ব্যায়াম তলত উল্লেখ কৰা হল।

      # গধুৰ বস্তু কঢ়িওৱা
      # খটখটি বগোৱা
      # ভাৰোত্তোলন
      # নিজৰ শৰীৰৰ শক্তি বিপৰীত দিশত ব্যৱহাৰ কৰা

3) ভাৰসাম্য (balance) : মূলত শৰীৰৰ ভাৰসাম্য ৰক্ষাৰ অৰ্থে এই ব্যায়াম বোৰ কৰা হয় যি বোৰ বয়োজ্যেষ্ঠ সকলৰ বাবে বেছি প্ৰয়োজনীয়।এনেধৰণৰ ব্যায়াম তলত উল্লেখ কৰা হল।

     # এখন ভৰিত থিয় দিয়া
     # ভৰিৰ গোৰোহাত ঠিয় দি খোজ কঢ়া
     # ভাৰসাম্য নিৰ্ভৰ নৃত্য যেনে ভাৰতীয় শাস্ত্ৰীয় নৃত্য, বেলে, টাই-ছি ইত্যাদি

4) নমনীয় (flexibility) : এনে ধৰণৰ ব্যায়াম বোৰে পেশী প্ৰসাৰিত আৰু সংকোচিত কৰি শৰীৰটোক নমনীয় কৰি তোলে, ফলত গাড়ী চলোৱা, কাপোৰ পিন্ধা আদি কামবোৰ কৰাত সুবিধা হয়।এনেধৰণৰ ব্যায়াম তলত উল্লেখ কৰা হল।
   
    # যোগ
    # কান্ধ আৰু বাহুৰ প্ৰসাৰণ
    # ভৰিৰ কলাফুলৰ প্ৰসাৰণ

         আমাৰ বহুতে কেৱল এক বা দুবিধ ব্যায়ামত প্ৰাধান্য দিয়ে, সেইবাবে ঈপ্সিত ফল লাভৰ পৰা বঞ্চিত হয়। কিন্তু এই চাৰিওবিধ ব্যায়ামৰ সমানুপতিক আৰু নিয়মিত পালনে ব্যাক্তিক লাভৱান কৰোৱাৰ লগতে আঘাতৰ সম্ভাৱনা হ্ৰাস কৰিব। কিন্তু তাৰ বাবে এখন সুনিৰ্দিষ্ট ৰুটিনৰ প্ৰয়োজন হব। লগতে মনত ৰখা প্ৰয়োজন যে প্ৰত্যেকবিধ ব্যায়ামে আন বিধৰো লাভ দিব পাৰে।

         ফিটনেছ গঢ় দিবলৈ যদি আপুনি সাজু তেনেহ’লে এবাৰ চেষ্টা কৰি চাওঁ আহক। তাৰ বাবে পোনপ্ৰথমে আমি এক ফিটনেছ কাৰ্যসূচী তৈয়াৰ কৰা প্ৰয়োজন হব যিটো ব্যক্তি অনুসৰি বাবে ভিন্ন হব পাৰে। তলত তেনে এক কাৰ্যক্ৰম উল্লেখ কৰা হ’ল।

১) আপোনাৰ ফিটনেছ স্তৰ নিৰ্ধাৰণ কৰক : আপোনাৰ বুনিয়াদী স্তৰ নিৰ্ধাৰণ কৰিবলৈ তলৰ উল্লেখিত ক্ৰিয়া সমূহ জোখক।
   
       # ১ কিঃ মিঃ খোজ কঢ়াৰ আগৰ আৰু পিছৰ নাড়ীৰ বেগ, সময়।
       # এবাৰত সৰ্বাধিক কিমান বাৰ উঠা-বহা, জঁ‌পিৱা, পুছ-আপ কৰা (সুকীয়াকৈ)
        # আপোনাৰ ককালৰ বেঢ় আৰু শাৰীৰিক ঘনত্ব (BMI)।

২) আপোনাৰ ফিটনেছ কাৰ্যসূচী ৰূপাংকন কৰক : তাৰ বাবে এখন সুপৰিকল্পিত ফিটনেছ আঁ‌চনিৰ প্ৰয়োজন হব য’ত আপোনাৰ ফিটনেছ লক্ষ্য নিৰ্ধাৰিত হব।প্ৰথমে লাহে লাহে আৰম্ভ কৰিব আৰু পিছত পৰ্যায়ক্ৰমে বৃদ্ধি কৰিব। লগতে ফিটনেছ কাৰ্যসূচী সমূহ সলনি কৰি থাকিব যাতে ই আনন্দদায়ক হয়। সকলোবোৰ কাৰ্যসূচীকে নথিভুক্ত কৰিব যাতে আপোনাৰ অগ্ৰগতিৰ হিচাপ লবৰ বাবে ই সহায়ক হয়।

৩) ফিটনেছ কাৰ্যসূচীত অন্তৰ্ভুক্ত লাগতিয়াল যন্ত্ৰ পাতি আৰু সামগ্ৰী সমূহ গোটাই লওক।

৪) সকলোবোৰ ব্যায়াম এদিনতে কৰিব চেষ্টা নকৰিব। বৰং ইয়াক সুনিৰ্দিষ্টকৈ ভগাই লওক। নতুন নতুন কাৰ্যসূচী অন্তৰ্ভুক্ত কৰক যাতে ই আপোনাৰ সৃষ্টিশীল মনৰ পৰিচায়ক হৈ উঠে। লগতে নিজৰ শৰীৰটোৰ প্ৰতি লক্ষ্য ৰাখক, ই যাতে অনাৱশ্যক বিদ্ৰোহত লিপ্ত নহয়। সেয়ে প্ৰয়োজন অনুসৰি বিশ্ৰাম লোৱাটো অত্যন্ত আৱশ্যক।

৫) আপোনাৰ অগ্ৰগতিৰ নিয়মিত খতিয়ান লব। ই সন্তুষ্টদায়ক নহলে লক্ষ্য পুনৰ নিৰ্ধাৰণ কৰিব পাৰে।

     অলস-অৱশ জীৱন পদ্ধতি ফিটনেছ লাভ কৰা পথত প্ৰধান শত্ৰু। তাৰ বাবে ব্যক্তিৰ মানসিকতাৰ কিছু পৰিবৰ্তনৰ প্ৰয়োজন হব। কোনোবা সময়ত ভিতৰৰ পৰা প্ৰেৰণা লাভ নকৰিলে স্বয়ংকৃত ভাৱে কাম সম্পাদন কৰাৰ কিটিপটো শিকি লব লাগিব। লাহে লাহে ই অভ্যাসত পৰিণত হ’লে এলাহে আৰু কাকো পৰাভূত কৰিব নোৱাৰে।

      ফিটনেছ কাৰ্যসূচীৰ আৰম্ভণি এক ডাঙৰ সিদ্ধান্ত, কিন্তু ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। সুনিৰ্দিষ্ট ভাৱে আগবাঢ়ি অভ্যাসত পৰিণত হলে ফিটনেছ গঢ় দিব নোৱাৰাৰ কোনো কাৰণ নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *