আমাৰ আৱেগ-অনুভূতি সমূহ বুজি পালেহে জীৱনটোক বুজি পোৱা সহজ হব



       আৱেগ-অনুভূতিবোৰ আমাৰ সম্পূৰ্ণ নিজা সম্ভাৰ। আৱেগ অনুভূতিয়ে মানুহক চিৰ নতুন,  প্ৰাণচঞ্চল আৰু সৃষ্টিকামী কৰি ধৰি ৰাখিছে। জীৱ-জন্তুৰ মাজতো আৱেগ অনুভূতি আছে কিন্তু ই একেবাৰে আদিম অৱস্থাত আছে। কিন্তু বহু সময়ত দেখা যায় মানুহৰ চিৰ সাহচৰ্য এই আৱেগ অনুভূতিয়ে মানুহৰ এনে অথন্তৰ কৰে যে ই যথেষ্ট চিন্তাজনক হৈ পৰে। এই ক্ষেত্ৰত এই আৱেগবোৰৰ বিষয়ে এক সম্যক জ্ঞানে কিছুমান বিপদৰ পৰা ৰক্ষা কৰাত মানুহক সহায় কৰিব পাৰে।  ১৯৭০ চনত মনোবিজ্ঞানী প’ল একমেনে (Paul Eckman) মানুহৰ ৬ ধৰণৰ মৌলিক আৱেগৰ বিষয়ে বৰ্ণনা কৰে। তেখেতৰ মতে আৱেগে আমাক কোনো গুৰুত্বপূৰ্ণ ঘটনাৰ সন্মুখীন হবলৈ সেই বিষয়ে নভবাকৈয়ে স্বতঃস্ফূৰ্তভাৱে আমাক সাজু কৰে।তেখেতৰ দ্বাৰা বৰ্ণিত এই প্ৰাথমিক আৱেগ সমূহৰ বিষয়ে কিছু আলোকপাত কৰা হ’ল।

খং বা ক্ৰোধঃ খং হৈছে মানুহৰ আটাইতকৈ আদিম আৱেগ যত ব্যক্তিৰ অন্যৰ প্ৰতি শত্ৰুতা, বিক্ষোভ আৰু অসহ্যকৰ অনুভূতিৰ বৰ্হিপ্ৰকাশ ঘটে। খং উঠিলে হাতলৈ ৰক্তসঞ্চালণ বৃদ্ধি হয় যাতে প্ৰত্যাক্ৰমণৰ সুযোগ পোৱা যায়। নাড়ী স্পন্দন বৃদ্ধি হয়, নিৰ্গত হোৱা এদ্ৰিনি’লাইন হৰমনে শৰীৰত শক্তি বৃদ্ধি কৰি শৰীৰক বলীয়ান কৰি তোলে। ভয়ৰ দৰে ক্ৰোধো ব্যক্তিৰ নিৰাপত্তাৰ জড়িত আৱেগ যত ফাইট আৰু ফ্লাইট প্ৰতিক্ৰিয়াৰ উদ্ভৱ হয়। যদিও ক্ৰোধক এক  ঋণাত্মক আৱেগ হিচাপে গণ্য কৰা যায় বহুসময়ত কোনো সমস্যা সমাধানৰ বাট মুকলি কৰে যদিহে তাক প্ৰকৃত দিশ দিয়া যায়। কিন্তু বেছি ভাগ সময়তে ই এক নতুন সমস্যাৰ উদ্ভৱ কৰে, সেয়ে খংৰ বৰ্হিপ্ৰকাশত সৰ্বাতোপ্ৰকাৰে সাৱধান হোৱা উচিত।

ভয় বা আতংকঃ ভয় হৈছে এক শক্তিশালী আৱেগ যিতো মানুহৰ নিৰাপত্তা আৰু জীয়াই থকা অনুভূতিৰ লগত সংলগ্ন।ভীতিবিহ্বল হ’লে মানুহৰ শৰীৰৰ ডাঙৰ মাংসপেশী সমূহ যেনে ভৰিৰ পেশীলৈ ৰক্ত সঞ্চালন বৃদ্ধি হ’য় যাতে ব্যক্তি পশ্চাদপদ হোৱাৰ সুযোগ পায়। খন্তেক সময়লৈ মুখমণ্ডল শেঁতা পৰে, ব্যক্তি নিঃশ্চল হৈ পৰে। পৰিবৰ্তিত কাৰ্যপন্থীৰ বাবে ব্যক্তি সাজু হৈ পৰে। ইয়াকে ফাইট আৰু ফ্লাইট প্ৰতিক্ৰিয়া বোলা হয়। অৰ্থাৎ হয় যুদ্ধ কৰা নহলে পলোৱা। ব্যক্তিভেদে ভয় আৰু আতংকৰ প্ৰতি প্ৰত্যুত্তৰ বেলেগ হব পাৰে। কিছুমানে সামান্য প্ৰতিকূলতাতে ভয়বিহ্বল হৈ পৰে আনহাতে অন্য কিছুমানে শান্ত সমাহত ভাৱে তাক মোকাবলা কৰে। বহুতে ভয়লগা ঘটনা বা খেলত জড়িত হৈ আনন্দ অনুভৱ কৰে। অন্য কিছুমানে ভয়ক প্ৰত্যাহ্বান জনাই ভয় নিৰ্মূলত ফলপ্ৰসূ হোৱা দেখা যায়।

সুখ বা আনন্দঃ এই আৱেগটোৰ প্ৰতি মানুহৰ হাবিয়াস আটাইতকৈ বেছি। সুখ বা আনন্দৰ মুহূৰ্তত ব্যক্তিৰ ঋণাত্মক শক্তি সমূহ প্ৰশমিত হৈ ইতিবাচক শক্তি জাগ্ৰত হয়। মুখলৈ এক স্বতঃস্ফূৰ্ত হাঁ‌হি বিৰঙি উঠে। শৰীৰলৈ এক শান্ত সমাহত ভাৱ প্ৰৱাহিত হয় যিয়ে লক্ষ্য অভিমুখে ধাৱমান হবলৈ উৎসাহিত কৰে। সুখে মানুহৰ স্বাস্থ্য আৰু দীৰ্ঘজীৱন লাভৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আনহাতে প্ৰেম বা ভালপোৱাক যদিও এক শক্তিশালী আৱেগ বুলি ভৱা যায় দৰাচলতে ই অন্য কিছুমান আৱেগৰ সমষ্টিত গঢ় লৈ উঠা এক মিঠা অনামি অনুভৱ যত ব্যক্তি খং আৰু ভয়ৰ বিপৰীত মুখত অৱস্থান কৰে। ব্যক্তিৰ শৰীৰলৈ এক প্ৰশান্তি তথা আত্মসন্তুষ্টিৰ ভাৱৰ সৃষ্টি হোৱাৰ ফলত ইজনে সিজনলৈ সাহচৰ্য ভাৱৰ উদয় হয়।
    

আশ্চৰ্যঃ কোনো অপ্ৰত্যাশিত ঘটনাৰ প্ৰতিক্ৰিয়া হিচাপে প্ৰকাশ পোৱা ক্ষণিক অনুভূতিয়ে হৈছে আশ্চৰ্য যি ইতিবাচক বা নেতিবাচক নতুবা দুয়োধৰণৰ হব পাৰে।  বিষ্ময়ত অভিভূত হৈ পৰিলে ভ্ৰু উপৰলৈ উঠে। ফলত চকুৰ পৰিসৰ বৃদ্ধি হোৱাত অধিক পৰিমানৰ ৰশ্মি ৰেটিনাত খুন্দা মাৰে। ই বিষয় বস্তুৰ উপৰত অধিক তথ্য প্ৰদান কৰাত সহায়ক হয় যাতে পৰবৰ্তী কাৰ্যপন্থা ভালদৰে লব পৰা যায়। এই আৱেগেও ফাইট বা ফ্লাইট প্ৰতিক্ৰিয়াৰ জন্ম  দিব পাৰে।

বিষাদঃ বিষাদ হৈছে ব্যক্তিৰ আশাহত, নিৰুৎসাহজনক আৰু ক্ষোভিত অৱস্থা য’ত তেওঁ ক্ষণিক সময়ৰ বাবে আগ্ৰহ হেৰুৱাই পেলায়। বিষণ্ণ অৱস্থাত ব্যক্তিয়ে কোনো আঘাত বা ক্ষতিক সহ্য কৰিব শক্তি আহৰণ কৰে। ব্যক্তি হতোদ্যম হৈ পৰাৰ ফলত শক্তি আৰু উৎসাহৰ অভাৱ অনুভূত হয়। শৰীৰৰ মেটাব’লিজিম অৱনমিত হোৱাত শক্তি ৰাহি হয় যাতে ন-শক্তিৰ উদয় হলে ন-আঁ‌চনি আৰু উৎসাহেৰে আগবাঢ়িব পাৰে।

ঘৃণা বা কদৰ্য্যঃ প’ল একমেনে উল্লেখ কৰা ছবিধ মৌলিক আৱেগৰ অন্যতম এই আৱেগবিধ উদ্ভৱ হলে ব্যক্তিয়ে মুখমণ্ডল ঘূৰাই পেলোৱা দেখা যায়, ওক ভাৱৰ উদ্ভৱ হয়, নাক কোঁচ খায় যায়। ই বিভিন্ন উৎসৰ পৰা উদ্ভৱ হব পাৰে যেনে কোনো অপ্ৰীতিকৰ ঘ্ৰাণ, সোৱাদ বা দৰ্শনৰ উপস্থিতিত। সেয়ে ই শৰীৰৰ হব পৰা কোনো ক্ষতিৰ বিষয়ে সংকেত বহন কৰি ব্যক্তিক ৰক্ষা কৰিবলৈ চেষ্টা কৰে। ঠিক তেনেদৰে ঘৃণা কোনো ব্যক্তি বিশেষৰ প্ৰতিও হব পাৰে যদিহে সেই ব্যক্তিৰ মাজত কোনো অনৈতিক বা অৰুচিকৰ কাৰ্যকলাপ দেখা পায়।

     প’ল একমেন আৰু তেখেতৰ ছাত্ৰ সকলে পিছত অন্য ভালে কেইবিধ আৱেগকো এই তালিকাত অন্তৰ্ভুক্ত কৰে। কিন্তু উল্লেখ কৰে যে এই আৱেগবোৰ ব্যক্তিৰ মুখ মণ্ডলত অভিব্যক্ত হ’বই লাগিব বুলি কোনো কথা নাই। এই আৱেগবোৰ হৈছে আমোদ বা ৰং-ধেমালি, গৌৰৱ, সন্তোষ বা সন্তুষ্টি, লজ্জ্বা, অস্বস্তি, গ্লানি আৰু ৰোমাঞ্চ বা উত্তেজনা। আনহাতে বিখ্যাত মনোবিজ্ঞানী ৰবাৰ্ট প্লুটছিকে (Robert Plutchik) এক আৱেগৰ চকৰী তৈয়াৰ কৰে যাক ৰঙৰ তুলিকাৰে গঢ়া এক বাৰেবৰণীয়া চিত্ৰ বুলিব পাৰি। যিদৰে নানান ৰঙৰ সংমিশ্ৰণত এক ছায়াচিত্ৰ তৈয়াৰ হয় তেনেদৰে বিভিন্ন আৱেগৰ সমষ্টিৰে এক নিৰ্দিষ্ট অনুভৱৰো সৃষ্টি হয়। যেনে ধৰক আনন্দ আৰু বিশ্বাস মিলনত  প্ৰেম-ভালপোৱাই ঠন ধৰি উঠে।

    এই আৱেগ অনুভূতিবোৰ প্ৰকাশত আমাৰ দৈনিন্দিন জীৱনৰ অভিজ্ঞতা আৰু সাংস্কৃতিক মূল্যবোধে এক উল্লেখনীয় অৱদান আগবঢ়ায়। মানৱ সভ্যতাৰ বিবৰ্তন কালত আমাৰ চিন্তাচৰ্চা আৰু ৰুচিবোধে আমাৰ আৱেগ অনুভূতিবোৰৰ বিবৰ্তন আনি দিছে। প্ৰাচীন মানুহৰ জীৱনত ভয় আৰু সন্ত্ৰাসে যিদৰে প্ৰভাৱান্বিত কৰিছিল, এতিয়া নিশ্চয়কে নকৰে। আধুনিক সভ্যতাৰ বিকাশৰ লগে লগে আৱেগ অনুভুতিবোৰো অধিক সুক্ষ্ম আৰু সাৱলীল ৰূপ ধাৰণ কৰিছে।

         এইখিনিতে আমি সততে সন্মূখীন হোৱা এক ধৰ্ম সংকটৰ কথা কবলৈ লৈছো। সেয়া হৈছে আমাৰ আৱেগিক মন আৰু যুক্তিবাদী মন। যেন একেটা মূদ্ৰাৰে ইপিঠি সিপিঠি। কোনটো সময়ত কোন হাৰে, কোন জিকে কব নোৱাৰি, কিন্তু দুয়োটাই আনটোৰ অবিহনে আধৰুৱা। কিন্তু কোনোবাটোৰ আধিক্যও কেতিয়াবা এক অথন্তৰ ঘটাবলৈ সক্ষম। আনহাতে দুয়োটাৰ সুষম অৱস্থাত যিকোনো সমস্যাৰ সমাধান সম্ভৱ হৈ উঠে।

4 thoughts on “আমাৰ আৱেগ-অনুভূতি সমূহ বুজি পালেহে জীৱনটোক বুজি পোৱা সহজ হব”

  1. nirab kalita says:

    Nice and valuable article

  2. Jyotishma Deka says:

    Nice articl..anekuwa articl phrile xsai upkrit howa jab…agloi aro axa thakil ane article phrib pam buli…

    1. Thanks a lot for your inspirig words

Leave a Reply

Your email address will not be published.