‘মাইণ্ডফুলনেছ’, সহজ অৰ্থত মনযোগ-সহকাৰে। আমাৰ বহুতৰে বাবে ই এক নতুন শব্দ যদিও বিষয় বস্তুৰ অভিনৱত্বই ইয়াক এক নতুন মাত্ৰা প্ৰদান কৰিছে। তেনেহ’লে কি এই মাইণ্ডফুলনেছ! ইয়াৰ ব্যৱহাৰিক দিশ সমূহ কেনেধৰণৰ! আমাৰ জীৱনত ‘মাইণ্ডফুলনেছ’ পালনৰ ফলত আমি কিদৰে লাভৱান হ’ম ইত্যাদি প্ৰশ্ন বোৰে ইতিমধ্যে আমাক জুমুৰি মাৰি ধৰিছে।
ৰাতিপুৱা উঠাৰ পৰা আৰম্ভ কৰি ৰাতি শোৱালৈ কিমান যে কামৰ মাজেৰে দিনটো আগবাঢ়ে আৰু অৱশেষত কিদৰে শেষ হয় গমেকেই পোৱা নাযায়। এনেদৰে সপ্তাহৰ পিছত মাহ আৰু মাহৰ পিছত বছৰ গৈ থাকে। কিছুমান বিক্ষিপ্ত চিন্তাৰ বাদে আন একোৱেই মনত নাথাকে। অনুশোচনাই হেঁচা মাৰি ধৰে, জীৱনটো জানো এনেকৈ কটোৱা উচিত! আমাৰ ভিতৰৰ মানুহজনে সদায় জীৱনটো ন-ৰূপত গঢ় দিব বিচাৰে। কিন্তু একো উহ-দিশ বিচাৰি নাপাই মনটোৱে আকৌ সেই চিনাকি আৰু গতানুগতিক ৰাস্তাটোৱে বিচাৰি লয়। এয়াই হৈছে জীৱনৰ বিড়ম্বনা। কিন্তু আমি বুজি নাপাওঁ যে পৰিস্থিতি বহু ক্ষেত্ৰত আমি সলনি কৰিব পাৰোঁ। জীৱনটোক ন-ৰূপত গঢ় দিয়াটো সম্ভৱপৰ। কিন্তু কিদৰে?
বৰ্তমান আধুনিক জীৱনত অন্য এক প্ৰহসন হৈছে আমি কামৰ মাজত এনেদৰে সোমায় পৰিছো যে সৃজনীশীলতা আৰু অন্য সুকুমাৰ প্ৰবৃত্তি সমূহ আমাৰ মাজৰ পৰা হেৰায় যোৱা যেন উপক্ৰম হৈছে। যেন আমি কেৱল কাম কৰিবৰ বাবেহে জীয়াই আছো। তাকো এনেকুৱা কিছুমান কাম যাৰ ব্যৱহাৰিক মূল্য প্ৰায় নাইকীয়া। আনহাতে মাল্টি-টাস্কিং ( multi-tasking)ৰ প্ৰৱণতাই আমাৰ দক্ষতা আৰু মূল্যবোধত প্ৰচণ্ড আঘাত হানিছে যিটো পূৰণ কৰা হৈতো আমাৰ বাবে সম্ভৱপৰ ন’হবও পাৰে।
‘মাইণ্ডফুলনেছ’ শব্দ টোত এই প্ৰশ্নৰ বহু উত্তৰ লুকাই আছে। ই হৈছে মনৰ এনে এক অৱস্থা য’ত আমি সচেতন ভাৱে মনটোক বৰ্তমানত আৱদ্ধ কৰি ৰাখিব পাৰোঁ, আমাৰ চিন্তা আৰু অনুভৱক বুজি পাব পৰো। ই মনৰ এক অনাবিল আৰু বিশুদ্ধ অৱস্থা যত কোনো অহেতুক শংকা, ভয়, আসক্তি, পক্ষপাতদুষ্ট আৰু দোষদৰ্শী ভাৱনাৰ স্থান নাথাকে।এই অৱস্থাত আমাৰ মনত অনুভূত হোৱা বিভিন্ন বিক্ষিপ্ত চিন্তাধাৰাক চিনাক্ত কৰিব সমৰ্থবান হ’ম। ই মনৰ চিত্তচাঞ্চল্যক নিয়ন্ত্ৰণ কৰাৰ বিকল্প ব্যৱস্থাবোৰৰ বিষয়ে মনক সচেতন কৰি তুলিব। তেনে অৱস্থাত বিক্ষিপ্ত মনক এক গভীৰ অন্তদৃষ্টি সম্পন্ন সৃষ্টিশীল মনলৈ পৰিবৰ্তন কৰাটো সম্ভৱপৰ হব।
এই ক্ষেত্ৰত বহুতৰে মাজত উৎপন্ন হোৱা এক সাধাৰণ প্ৰশ্ন হ’ল মাইণ্ডফুলনেছ আৰু ধ্যান একে নেকি? দৰাচলতে ধ্যান হৈছে মাইণ্ডফুলনেছৰ এক অংশহে। ধ্যানত ব্যাক্তি এক গভীৰ চিন্তনত ব্যাপ্ত হয়। ধ্যানৰ বাবে কিছু আনুষ্ঠানিকতাৰ প্ৰয়োজন হয়। কিন্তু মাইণ্ডফুলনেছ হৈছে ধ্যানৰে এক বহল পৰিযোজনা যত জীৱনৰ প্ৰতি মুহূৰ্তই ধ্যানলৈ ৰূপান্তৰিত হয়। ব্যাক্তিৰ মাজত অনুভূত আৱেগসমূহ স্পষ্ট ৰূপত পৰিস্ফুট হয়। আনহাতে ‘মাইণ্ডফুলনেছ’ ধ্যান হৈছে এক নতুন ধাৰণা যত সচেতন ভাৱে মনটোক সলনি কৰিব পাৰি। সেয়েহে ইয়াক স্নায়ুবিজ্ঞান ক্ষেত্ৰত এক অলৌকিক আবিস্কাৰ বুলিব পাৰি।
আমেৰিকাৰ বিখ্যাত ‘চোপ্ৰা আৰোগ্য প্ৰতিষ্ঠান’ৰ প্ৰতিষ্ঠাপক ডা: দীপক চোপ্ৰাৰ মতে আমাৰ বহুতেই নাজানে যে তেওঁলোক ইতিমধ্যে এক জৈৱিক মেচিনত পৰিণত হৈছে। তাৰ প্ৰতিকাৰ হিচাপে প্ৰতিদিনে কিদৰে ‘মাইণ্ডফুলনেছ’ আমাৰ জীৱনত পালন কৰিব পাৰি তাৰ ৪ টা পৰামৰ্শ আগবঢ়াইছে। এই কেইটা তলত আগবঢ়োৱা হ’ল।
১) ক্ষন্তেক থমকি ৰওক আৰু নিজৰ মনটো নিৰীক্ষণ কৰক। বিচাৰ নকৰিব, মাথো প্ৰশ্ন কৰক আপুনি সচাকৈয়ে এক সচেতন অৱস্থাত আছেনে? নে এশ এবুৰি চিন্তাত মগ্ন হৈ আছে।
২) সুবিধা হ’লে চকু দুটি মুদি নিজৰ শৰীৰটোক অনুভৱ কৰক, ই বাৰু কিদৰে কাম কৰি আছে!
৩) কিছু সময়ৰ বাবে নিজৰ উশাহ নিশাহ বোৰ অনুভৱ কৰক।
৪) কোনো ঘটনাৰ প্ৰতিক্ৰিয়া কৰাৰ আগতে খন্তেক থমকি ৰওক আৰু প্ৰশ্ন কৰক আপুনি বাৰু কিয় তেনেদৰে প্ৰতিক্ৰিয়া কৰিব বিচাৰিছে?
তেখেতে ‘মাইণ্ডফুলনেছ’ অনুশীলন কৰাৰ চৰ্ত হিচাপে মনটো সচেতন আৰু জাগ্ৰত কৰাৰ অভ্যাসক আগস্থান দিছে।
আপোনাৰ ফোনৰ জাংক (অলাগতীয়াল) ফাইল বোৰ মচি দিলে RAM ( Rapid Access Memory) বৃদ্ধি হয় আৰু তাৰ ফলত ফোনটো দ্ৰুত হয়। ঠিক তেনেদৰে মাইণ্ডফুলনেছৰ অনুশীলনৰ ফলত অলাগতীয়াল চিন্তাবোৰে আমাক আমনি কৰিব নোৱৰা হয়। সেয়েহে আমি ভালদৰে আৰু সুক্ষ্মভাৱে কাম কৰিব পাৰো। ফলত আমাৰ কৰ্মদক্ষতাও বৃদ্ধি পায়। আহকচোন আমি ‘মাইণ্ডফুলনেছ’ৰ অভ্যাসৰ আৰম্ভণি কৰো আৰু জীৱনটোক এক নতুন ৰূপত গঢ় দিবলৈ চেষ্টা কৰোঁ।